লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
পুনৰ কিশোৰী সন্ধানহীনতাৰ এক ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ লামডিং আৰক্ষী চকীৰ অন্তৰ্গত নখুটি ১নং খাগৰিজানত । কিছুদিন পূৰ্বে এগৰাকী মহিলা সহিতে এগৰাকী শিশু কন্যা সন্ধানহীন হোৱাৰ উত্তেজনা মাৰ নাযাওঁতে একেটা অঞ্চলতে পুনৰ তদ্ৰুপ এক ঘটনা ঘটাৰ কথা পোহৰলৈ আহিল ।অঞ্চলটোৰ পৰা এনেদৰে সঘনাই কিশোৰী, যুৱতী, মহিলা সন্ধানহীন হৈ থকাৰ অন্তৰালত কিবা ৰহস্য লুকাই আছে নেকি, তাক লৈ হে স্থানীয় সচেতন মহলে এতিয়া শংকিত হৈ পৰিছে।এইবাৰ সন্ধানহীন হোৱা কিশোৰী গৰাকী ১নং খাগৰিজান গাঁওৰ নাচিৰ উদ্দিন নামৰ লোকজনৰ জীয়ৰী বুলি জানিব পৰা গৈছে। কোনো সদাশয় ব্যক্তিয়ে কিশোৰীজনীৰ কোনো সন্ধান পালে ৮৬৩৮০৫৩৩৩১ মোবাইল নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক জনাব পাৰিব বুলি কিশোৰী গৰাকীৰ পৰিয়ালৰ সূত্ৰই জানিবলৈ দিছে।
- Log in to post comments
- 16 views
