আজি মাকৰ ওচৰলৈ যাব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

modi

নিউজ ডেস্ক :
লোকসভাৰ নিৰ্বাচনত চমকপ্ৰদ বিজয়ৰ পাছত আজি মাতৃৰ আশীৰ্বাদ লবলৈ  মাতৃগৃহলৈ যাব নৰেন্দ্ৰ মোদী। বিয়লি পাঁচ বজাত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ  সৈতে আহমেদাবাদত উপস্থিত হ'বগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।তাৰ পাছতেই পোনে পোনে ৰাওনা হব মাতৃৰ কাষলৈ। উল্লেখ যে শনিবাৰে সংসদৰ চেণ্ট্ৰেল হ'ল এনডিএৰ নৱ নিৰ্বাচিত সাংসদ সকলে আনুষ্ঠানিক ভাৱে নৰেন্দ্ৰ মোডীক তেওঁলোকৰ নেতা ঘোষণা কৰাৰ পাছতেই নিশা ৯ বজাত ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণত মোডী উপস্থিত হয় ৰাষ্ট্ৰপতি ভৱনত।তাৰ পাছতে ৰাষ্ট্ৰপতিৰ ৰামনাথ কোবিন্দ্ৰে মোডীক নিযুক্তি দিয়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে। দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে আজি প্ৰথম বাৰলৈ মাতৃ সেৱা লবলৈ আজি যাব মোডী। আনহাতে অহা ৩০ মে'ত মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈ শপত গ্ৰহণ কৰিব।

Your Comments