এন আৰ চি ভীতি : সোনতলীত বৃদ্ধৰ আত্মহত্যা

sontali

নগৰবেৰাৰ পৰা আব্দুল ৰছিদৰ প্ৰতিবেদন :
এনআৰচিৰ শুনানিয়ে কাল হল এগৰাকী বৃদ্ধৰ।শুনানিত বায়'মেট্ৰিক ব্যৱস্থাৰ সন্মুখীন হৈ ভয় শংকাত আত্মহত্যা এগৰাকী ৯৫ বছৰীয়া বৃদ্ধৰ। বকোৰ সোনতলী সেলেসুতি গাঁৱৰ ৯৫ বছৰীয়া বৃদ্ধ আশ্ৰাফ আলীয়ে চলিত মাহৰ ২৩ তাৰিখে এন আৰ চিৰ শুনানিত অংশ লৈছিল।শুনানিত ভাৰতীয় নাগৰিক হিচাপে নিজকে প্ৰমান কৰিবলৈ যাৱতীয় বৈধ নথি দেখুৱাবলৈ সক্ষমো হৈছিল বৃদ্ধজনে।শুনানিৰ সময়তে লোকজনৰ বায়'মেট্ৰিক ব্যৱস্থাৰ অধীনত দহোটা আঙুলিৰ চাপো লোৱা লৈছিল।কিন্তু এই কথাই বুজিব পৰা নাছিল লোকজনে।দহ আঙুলিৰ চাপ লোৱা আৰু কেৱল পৰিয়ালৰ তেওঁৰ নামতে শুনানি হোৱাত তেওক ডিটেনচন কেম্পত পঠাব বুলি মিছাতে ভয় খাইছিল আৰু শংকাত ভূগিছিল লোকজনে।এই কথা ওচৰ চুবুৰীয়াৰ আগত তেওঁ ব্যক্তও কৰিছিল।ওচৰ চুবুৰীয়াৰ সচেতন লোকসকলে তন্ন তন্নকৈ বুজাইছিল যদিও নিজৰ মনটোক চাগে শান্তনা দিব পৰা নাছিল আৰু ভয় আৰু শংকা মনৰ পৰা দূৰ কৰিব পৰা নাছিল বৃদ্ধজনে।সেইবাবেই এই বৃদ্ধ লোকজনে অৱশেষত বিষপান কৰি আত্মহত্যা কৰা বুলি পৰিয়ালৰ লগতে স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে, ১৯৫১ চনৰ পূৰ্বৰ যাৱতীয় বৈধ নথি ও আছে লোকজনৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Your Comments