দৰিদ্ৰতাক নেওচি বাণিজ্যত সপ্তম স্থান দখলেৰে নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে  প্ৰতিভা  বৈশ্যই  

nal

নলবাৰীৰ পৰা হেমন্ত কলিতা

 

জাপি শিল্পৰ শিল্পী  মধু বৈশ্যৰ কন্যা প্ৰতিভা বৈশ্যই বাণিজ্য শাখাত সপ্তম স্থান দখল কৰি  বালা মুগকুছি (মুগকুছি )লৈ কঢ়িয়াই আনিলে গৌৰৱ । দৰিদ্ৰতাক নেওচি  ৯১•৬ শতাংশৰে  কঢ়িয়াই আনিলে  এই সুনাম ৷ অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰি  নলবাৰীলৈ সুখ‍্যাতি কঢ়িয়াই আনিছে  ছাত্ৰীগৰাকীয়ে। নলবাৰীৰ এখন আগশাৰীৰ  মহাবিদ্যালয়ৰ পৰা  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰিছে জিলাখনৰ বাহঁজানী মৌজাৰ বালা মুগকুছিৰ প্ৰতিভা বৈশ্যই ৷নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিভাই  মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৫৮ নম্বৰ লাভ কৰে। 

 

এই সাফল‍্যত  ছাত্ৰীগৰাকীৰ ঘৰত এতিয়া আনন্দৰ বন্যা বৈছে আৰু বাহঁজানীৰ বিভিন্ন সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান আদিয়ে ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে।  সাংবাদিকৰ আগত ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে চই
চাৰ্টাৰ্ড একাউন্ট  হোৱাৰ কথা ব্যক্ত কৰিছে ৷ উল্লেখ্য যে ২০১৭ চনত দশম শ্ৰেণীত জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা ছাত্ৰীগৰাকীয়ে ১০ পইন্ট লাভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল ।প্ৰতিভাৰ সাফল‍্যত সমূহ বালামুগকুছিবাসী আজি পুনৰ গৌৰাৱাম্বিত হৈ উঠিছে।নিজৰ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে প্ৰতিভাই ।

 

উল্লেখ্য যে  প্ৰতিভাৰ পিতৃয়ে ঘৰতে জাপিৰ কাম কৰি কোনোমতে পৰিয়ালটো চলাই আছে ৷ আনহাতে,দৰিদ্ৰতা সৈতে যুঁজ কৰি প্ৰতিভাই  প্ৰতি খোজত আগবাঢ়ি গৈছিল । আৰ্থিক দৈন্যতাপুষ্ট পৰিয়ালটোৰ  মেধাৱী ছাত্ৰীগৰাকীৰ সাফল্যত আনন্দিত আৰু উৎফুল্লিত প্ৰতিভাৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অঞ্চলবাসী।এতিয়া প্ৰতিভাৰ মাতৃ মঞ্জু বৈশ্যৰ আনন্দৰ মাজতো চিন্তা  হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মেধাৱী ছাত্ৰীগৰাকীৰ সপোন কিদৰে বাস্তৱায়িত কৰিব পাৰিব ।

Your Comments