বঙাইগাঁৱৰ টেঙাইগাঁৱত সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ তৃতীয় বাৰ্ষিক স্মৃতি দিৱসৰ আয়োজন

bgn

বঙাইগাঁওঃ ২৪ মেঃ

 বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ যৌথ উদ্যোগত তথা চিৰাং জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সহযোগত অহা ২৭ মে'ত বঙাইগাঁৱৰ টেঙাইগাঁও হাইস্কুল প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ তৃতীয় বাৰ্ষিক স্মৃতি দিৱসৰ আয়োজন কৰিছে ৷ স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি সিদিনা পুৱাৰ ভাগত বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ৰামেশ্বৰ চৌধুৰীয়ে কোচ ৰাজবংশী সাহিত্য সভাৰ আৰু কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্য নাৰায়ণ ৰায়ে সাংস্কৃতিক প্ৰকল্পৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ৷ ইয়াৰ পিচতে সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাব প্ৰয়াত ৰায়ৰ সহধৰ্মিণী ৰেৱতী বালা ৰায়ে ৷

আনহাতে দুপৰীয়াৰ ভাগত গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰিব সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি শম্ভুচৰণ বৰ্মন, কোচ ৰাজবংশী সাহিত্য সভাৰ সাংগঠনিক সম্পাদক শৈলেন্দ্ৰ নাৰায়ণ চৌধুৰী, টেঙাইগাঁও হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰ মোহন সিংহ, বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ, ডাংতল পঞ্চায়তৰ সভানেত্ৰী মহিলা সিংহ, টেঙাইগাঁও এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সত্যনাথ বৰ্মন, বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উমেশ চৌধুৰী আৰু হিতেশ ৰায়, টেঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী সিংহ আৰু বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক জ্যোতিষ চৌধুৰীয়ে ৷

এই গছপুলি ৰোপণ কাৰ্যসূচীৰ পিচতে স্মৃতিচাৰণ সভা আৰু সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায় সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি বলেন সিংহৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া স্মৃতিচাৰণ সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য সম্পাদক কমল কুমাৰ বৰ্মন আৰু চেন্টাৰ ফৰ কোচ ৰাজবংশী ষ্টাডিজ এণ্ড ডেভেলপমেণ্টৰ পৰিচালন সঞ্চালক অৰূপজ্যোতি দাসে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৷ সেইদৰে আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকিব কোচ ৰাজবংশী সাহিত্য সভাৰ উপ সভাপতি পুলক কুমাৰ চৌধুৰী, বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ৰাণু ৰায়, চাপৰৰ ৰত্নপীঠ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তৰণী কান্ত ৰায়, অভয়েশ্বৰী উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰমলা ৰায় সৰকাৰ আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাস ৷ বিয়লি ১ঃ৩০ বজাত ছাত্ৰ - ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, কুইজ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ আনহাতে ২ঃ৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব ৷

বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ৰূপাঞ্জলী দেৱীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব চিৰাং জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি তেজেন কুমাৰ বৰ্মনে ৷ অনুষ্ঠানত কোচ ৰাজবংশী ৰিজিঅ'নেল ৰিচাৰ্ছ ছ'চাইটিৰ দ্বাৰা প্ৰকাশিত কবিতাপুথি আৰু ইয়াৰ পিচতে ৰাজবংশী কাব্য উপন্যাস উন্মোচন কৰা হ'ব ৷ বিয়লি ৪ বজাত কোচ ৰাজবংশী সাহিত্য সভাৰ শাখা সমিতি গঠন কৰাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ'ব ৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত কোচ ৰাজবংশী সাহিত্য সভাৰ সম্পাদক নিত্যানন্দ বৰ্মন, অভ্যৰ্থনা সমিতিৰ উপদেষ্টা শৈলেন্দ্ৰ নাৰায়ণ চৌধুৰী, সম্পাদক বনমালী চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰী বন্ধন উপ সমিতিৰ আহ্বায়ক অমৰেন্দ্ৰ বৰুৱা, কোচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পৰ সম্পাদিকা পূৰ্ণিমা চৌধুৰী আদি উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে 

Your Comments