নিউজ ডেস্ক :
তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত সংসদীয় নিৰ্বাচনত পৰাজয়ৰ স্বীকাৰ কৰে গুৱাহাটী লোকসভাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই। পৰাজয়ৰ পিছতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে শুভেচ্ছা জনাইছে প্ৰতিদ্বন্দী বিজয়ী প্ৰাৰ্থী বিজেপিৰ কুইন ওজাক। লগতে প্ৰাৰ্থীগৰাকীয়ে গুৰুত্বসহকাৰে উল্লেখ কৰে-'বিজয়ী প্ৰাৰ্থী কুইন ওজা বাইদেৱে কোৱাৰ দৰে ৰাজনীতিত শিক্ষাগত অৰ্হতা জৰুৰী নহয়। তাৰ পৰিৱৰ্তে কিছুমান ইছ্যু আৰু কাৰকেহে প্ৰাৰ্থী নিৰ্বাচনত ভূমিকা ল'ব পাৰে।সেই কথা কালি গুৱাহাটীৰ একাংশ ভোটাৰে প্ৰমাণ কৰিলে।'
ইয়াৰ উপৰিও কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয়-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাইজৰ পৰা পোৱা অকুন্ঠ মৰম আৰু সঁহাৰি মোৰ গোটেই জীৱনৰ বাবে স্মৰণীয় হৈ ৰ'ব।লগতে শৰ্মাই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ বাবে সুবিধা দিয়াৰ বাবে দলৰ অধ্যক্ষ ৰাহুল গান্ধী, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱাতৰ লগতে দলটোৰ প্ৰতিগৰাকী নেতা-কৰ্মীক ধন্যবাদ জনায়।ধন্যবাদ জনাই গুৱাহাটী সংসদীয় সমষ্টিৰ ভোটাৰ ৰাইজকো।
- Log in to post comments
- 25 views