যোৰহাট লোকসভা সমষ্টিত কোনে,ক'ত,কিমান ভোট পালে? জানিবলৈ ক্লিক কৰক-

vote

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ :

যোৰহাট লোকসভা সমষ্টিটো দ্বিতীয় বাৰৰ বাবে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৮২,৬৫৩ টা ভোটত জয়ী হয়। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ, চৰাইদেই আৰু যোৰহাট জিলাৰ ১০ টা বিধান সভা সমষ্টিৰ শেহতীয়া ফলাফল অনুসৰি তপন কুমাৰ গগৈয়ে ৫,৪৩২৮৮ টা ভোট পোৱাৰ বিপৰীতে  কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে ৪,৬০৬৩৫ টা ভোট লাভ কৰে । যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৩,৬৫,০৩৫ জন। ১১ এপ্ৰিলত  ইয়াৰে ১০৪৫৩৯৬ জনে ভোটাধিকাৰ সাব্যস্ত কৰে। ১২৫৬৯ টা ভোট ন'টা দিয়াৰ বিপৰীতে ৮৫৫ টা ভোট অগ্ৰাহ্য হয়। 

উল্লেখ্য যে কংগ্ৰেছৰ দূৰ্গ হিচাপে খ্যাত যোৰহাট লোকসভা সমষ্টিত একেৰাহে ৫ বাৰ প্ৰাক্তন সাংসদ বিজয় কৃষ্ণ সন্দিকৈৰ দখলত আছিল যদিও ২০১৪ চনত প্ৰথমবাৰৰ বাবে বিজেপিৰ কামাখ্যা প্ৰসাদ তাচাই জয়ী হৈছিল। সমষ্টিটোত এইবাৰ তাচাৰ পৰিবৰ্তে তপন কুমাৰ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।


শিৱসাগৰ সমষ্টিত কংগ্ৰেছে ৬৫৯ টা বিজেপিত কৈ বেছিকে লাভ কৰে। সমষ্টিটোত কংগ্ৰেছে ৫৬,৩১৮ টা ভোট পোৱাৰ বিপৰীতে বিজেপিয়ে ৫৫,৬৫৯টা লাভ কৰে। থাওৰা সমষ্টিত কংগ্ৰেছে ৪১,০৯৩ টা লাভ কৰে যদিও বিজেপিয়ে ৪৩,৭৩৮ টা ভোট লাভ কৰি বিজয়ী হয়। আমগুৰি সমষ্টিতত  কংগ্ৰেছে ৩৭,১১০ টা ভোট লাভ কৰে। আনহাতে বিজেপিয়ে ৫০,০০১ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।। কংগ্ৰেছৰ দূৰ্গ হিচাপে খ্যাত নাজিৰা সমষ্টিত বিজেপিয়ে ৪৭,৩৫০ টা ভোট লাভ কাৰা বিপৰীতে কংগ্ৰেছে মাত্ৰ ৪৫,৫২৯ টা ভোট লাভ কৰে। মাহমৰা সমষ্টিত বিজেপিয়ে ৫১,৩৪১ টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে ৪২,৫১১ টা ভোট লাভ কৰে। তপন গগৈৰ নিজা সমষ্টি সোণাৰীত বিজেপিয়ে সৰ্বাধিক ভোট লাভ কৰিবলৈ সক্ষম হয়। সমষ্টিটোত বিজেপিয়ে ৭৮,০৫৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪৪,৮৫১ টা ভোট লাভ কৰে। আনহাতে,  যোৰহাট, টিয়ক আৰু মৰিয়নি বিধানসভা সমষ্টিত বিজেপি দলে কংগ্ৰছতকৈ ক্ৰমে ১১৬৭, ৬৫০৪ আৰু ১৩,০৮৭ টা ভোট বেছিকৈ লাভ কৰে।  কেৱল তিতাবৰ সমষ্টিত কংগ্ৰেছে বিজেপিত কৈ ১৩,১০৮ টা ভোট বেছিকৈ লাভ কৰিবলৈ সক্ষম হয়।

তপন কুমাৰ গগৈৰ এক প্ৰকাৰ বিজয় নিশ্চিত হোৱাত আবেলিৰ পৰাই শিৱসাগৰৰ বিভিন্ন স্থানত বাজি উঠিল আকৌ এবাৰ মোডী চৰকাৰ শীৰ্ষক গীতটো। গীতটোৰ তালে তালে পুৰুষ মহিলা সকলোৱে নাচি আনন্দত আত্মহাৰা হৈ পৰে।

Your Comments