অসমৰ ১৪ টা সমষ্টিত এইবাৰ কিমান পৰিল 'ন'টা' ভোট ?

nota

নিউজ ডেস্ক :

দেশবাসীৰ অধীৰ উৎকন্ঠাৰ অৱসান ঘটাই বৃহস্পতিবাৰে ঘোষণা কৰা হ'ল দেশৰ সপ্তদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল।সমগ্ৰ দেশৰ লগতে অসমৰো ১৪ টা লোকসভা সমষ্টিত বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচনৰ ভোটগণনা।পূৰ্বৰ ধাৰা অটুট ৰাখি ৰাজ্যখনৰ অধিকসংখ্যক আসন এইবাৰো দখল কৰিলে বিজেপিয়ে। মোডীৰ মেজিকত ধূলিস্যাৎ হৈ মাত্ৰ তিনিখন আসনত সীমাবদ্ধ থাকিব লগা হ'ল কংগ্ৰেছ দলটো।তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিলে ৯ খনকৈ আসন।

আনহাতে,অসমৰ ১৪টা লোকসভা সমষ্টিৰ অধিক সংখ্যকতে পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি পালে 'নটা' ভোটৰ সংখ্যা। বিশেষকৈ ডিব্ৰুগড় সংসদীয় লোকসভা সমষ্টিত এইবাৰ সৰ্বাধিক ২১,২৮৩টা আৰু কৰিমগঞ্জত সৰ্বনিম্ন ৬,৫৫৫ টাকৈ 'ন'টা' ভোট প্ৰদান কৰা হয়। উল্লেখ্য যে বিগত ২০১৪ বর্ষৰ সংসদীয় নিৰ্বাচনত ৰাজ্যখনত মুঠ ১,৪৭,০৫৭টা 'ন'টা ভোট সাব্যস্ত কৰা  হৈছিল।কিন্তু এইবাৰৰ সংসদীয় নিৰ্বাচনত সেই সংখ্যা ১,৭৮,৩৪৮ টালৈ বৃদ্ধি পালে।


সেই অনুসৰি,এইবাৰ বাকী ১২টা সমষ্টিত 'ন'টা' ভোটৰ সংখ্যাটো এনেধৰণৰ-  
যোৰহাট-১২,৫৬৯
গুৱাহাটী-১০,৪৬৬
বৰপেটা-৯,৭৩৪
কলিয়াবৰ-১৫,৯১৩
তেজপুৰ-১৫,৬২৬
লখিমপুৰ-১৫,২২০
ধুবুৰী-৮,৯৭৮
নগাঁও-১০,৭৫৭
কোকৰাঝাৰ-১৫,৯৮৮
শিলচৰ-৮৫৪৭
মঙলদৈ-১৮,৫১৮
ডিফু-৮,১৯৬ ।

Your Comments