আমি সকলোকে লগত লৈ আগবাঢ়ি যাব লাগিব: দলীয় কৰ্মীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

modi

নিউজ ডেস্ক:

সপ্তদশ লোকসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ পিছত বৃহস্পতিবাৰে গধূলি বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ সদস্যসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।মোডীয়ে কয় যে এই জয় কোনো নেতা-দলৰ জয় নহয়, এই জয় দেশৰ জনতাৰ জয়।


মোডীয়ে কয়-আমি সকলোকে লগত লৈ আগবাঢ়ি যাব লাগিব।দেশহিতৰ স্বাৰ্থত ঘোৰ বিৰোধীসকলকো লগত লৈ আগবাঢ়িব লাগিব।এই প্রচণ্ড বহুমতৰ পিছতো নম্ৰতাৰে গণতান্ত্ৰিক মৰ্যাদাৰ ভিতৰত থাকি আগবাঢ়িব লাগিব।সংবিধান আমাৰ বাবে সৰ্বোচ্চ।সংবিধান অনুসৰিয়েই আমি আগবাঢ়িব লাগিব।

Your Comments