নিউজ ডেস্ক :
দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত মোডী ঢৌত তচনচ হ'ল বিৰোধী শিবিৰ।মোডী ছুনামীত উটি গ'ল কংগ্ৰেছৰ ৯ গৰাকীকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী।
সেই অনুসৰি এইবাৰ নিৰ্বাচনী ৰণত পৰিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিত,উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ অসমৰ তত্বাৱধায়ক হৰিশ ৰাৱাত,
হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুড্ডা,কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম বীৰাপ্পা মৈলী,মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা সুশীল কুমাৰ সিন্ধে,মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগবিজয় সিং।উল্লেখ্য যে এইসকল কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইবাৰ লোকসভাৰ নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজিত হৈছে বিজেপি প্ৰাৰ্থীৰ হাতত।
আনহাতে,দেশৰ মুঠ ২৯খন ৰাজ্যৰ ভিতৰত ১৩খন ৰাজ্যতে কংগ্ৰেছ দলটোৱে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ উপৰিও তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দলটোৱে জয়ৰ মুখ দেখাত ব্যৰ্থ হয়।গুৰুত্বপূৰ্ণ কথা এই যে কংগ্ৰেছ দলে এখনো আসন দখল কৰিব নোৱাৰা ১৩খন ৰাজ্যৰ ভিতৰত চাৰিখন ৰাজ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ।সেই ৰাজ্যকেইখন হৈছে ত্ৰিপুৰা, মণিপুৰ,মিজোৰাম আৰু অৰুণাচল প্ৰদেশ ।ইয়াৰ উপৰি অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলকেইটা হৈছে গুজৰাট,অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান,হাৰিয়ানা,দিল্লী, হিমাচল প্ৰদেশ,উত্তৰাখণ্ড,ওড়িশা,চণ্ডীগড়,আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দামান আৰু ডিউ তথা জম্মু- কাশ্মীৰ।
- Log in to post comments
- 54 views