গুৱাহাটীত কংগ্ৰেছৰ,ডিফুত বিজেপিৰ অগ্ৰগতি

নিউজ ডেস্ক :

দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগননা সম্পূৰ্ন হবলৈ এতিয়াও বহু বাকী যদিও তাৰ মাজতে ভোটগণনা এই পৰ্য্যন্ত অসমৰ দুটা  সমষ্টিত পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। সেই অনুসৰি ২০০৪ চনৰ পৰা কংগ্ৰেছৰ দখলত থকা ডিফু লোকসভাৰ সমষ্টিত এইবাৰ জয়ৰ দিশত আগবাঢ়িছে বিজেপি প্ৰাৰ্থী হৰেন সিং বে ।তেওঁ কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংতিতকৈ  আগবাঢ়ি আছে বৃহৎ ব্যৱধানত।
একেদৰে ২০০৯ চনৰ পৰা যোৱা দহ বছৰে বিজেপিৰ দখলত থকা গুৱাহাটী লোকসভা সমষ্টিত এই  পৰ্য্যন্ত বিজেপি প্ৰাৰ্থী কুইন ওজাতকৈ যথেষ্ট ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা ।

Your Comments