ৰঙিয়াত পশুচিকিৎসালয়ৰ দুৰৱস্থা

ৰঙিয়াত পশুচিকিৎসালয়ৰ দুৰৱস্থা

পৰিৱৰ্তনকামী মিত্ৰজোঁট চৰকাৰখনে যোৱা আঢ়ৈটা বছৰত কৰা কামৰ খতিয়ান দাঙি ধৰাৰ সময়তে নিউজ এএছএনৰ নিজাববীয়া অনুসন্ধানত উন্মোচিত হৈছে কিছুমান সত্য ঘটনা । আমি আজি দেখুৱাব বিচাৰিছোঁ 


ৰঙিয়া মহকুমা পশু চিকিৎসালয়ৰ অন্তৰ্গত চেপ্তি উপকেন্দ্ৰ আৰু সুন্ধিয়া উপকেন্দ্ৰৰ লগতে ৰঙিয়া মহকুমাৰ কেইবাখনো পশু চিকিৎসা উপকেন্দ্ৰৰ দুৰৱস্থা ৷ উল্লেখ্য যে মেৰামতিৰ অভাৱত এই চিকিৎসা কেন্দ্ৰকেইটা জহি-খহি যোৱাৰ লগতে ইয়াত পশু চিকিৎসক নথকাৰ ফলত গাঁৱৰ কৃষিজীৱী ৰাইজৰ পশুধনসমূহৰ উপযুক্ত চিকিৎসাৰ অভাৱত গঞা ৰাইজ বিপাঙত পৰিছে । 
চেপ্তী অঞ্চলৰ লগতে কাজিগাওঁ, খৈৰাবাৰী, দীপ্তেশ্বৰী, বঙালীকুছি আদি অঞ্চলৰ কৃষিজীৱী মানুহখিনিৰ পশুধনৰ চিকিৎসাৰ একমাত্ৰ ভৰসাস্থলী হ'ল চেপ্তীত থকা পশুচিকিৎসা বিভাগৰ উপকেন্দ্ৰটো ।

ৰঙিয়াত পশুচিকিৎসালয়ৰ দুৰৱস্থা

যোৱা কেইবছৰমানৰ পৰা এই উপকেন্দ্ৰটো ভাঙি-ছিঙি যোৱাৰ ফলত পশু চিকিৎসক বহিবলৈ ঠাই নাইকিয়া হৈছে ৷ তাৰফলত মহকুমা পশু চিকিৎসালয়ৰ ঊৰ্ধ্বতন বিষয়ববীয়াই অন্য ঠাইলৈ চিকিৎসক-কৰ্মচাৰীক স্থানান্তৰ কৰিবলগীয়া হৈছে । তেনেদৰে ২৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা সুন্ধিয়া পশুচিকিৎসালয়খনো মেৰামতিৰ অভাৱত জহি-খহি গৈছে । বিছখন গাঁৱৰ ৰাইজৰ পশুধনৰ চিকিৎসাৰ ভৰসাস্থলী এই সুন্ধিয়া উপকেন্দ্ৰটো ।

কেইবছৰমান আগতে বতাহত উপকেন্দ্ৰটো ভাঙি যোৱাৰ ফলত অঞ্চলটোৰ লগতে বিছখন গাঁৱৰ ৰাইজে ৭ কিঃমিঃ বাট বুলি ৰঙিয়া তিনিআলিত থকা পশু চিকিৎসালয়খনলৈ যাবলগীয়া হোৱাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । এই প্ৰসংগত স্থানীয় ৰাইজে নিউজ এএছএনৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পৰিৱৰ্তনৰ সপোন দেখুওৱা চৰকাৰখনে পশুচিকিৎসালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত কিবা এটা কৰিবলৈ দাবী জনায় ৷

আনহাতে, বৰ্তমান গৰু, ছাগলীৰ বেমাৰ হ'লে চিকিৎসক মাতিলে ৰাইজে ৫০০/৩০০ টকাকৈ দিবলগীয়া হয় ৷ যিখন চিকিৎসালয় আছিল বতাহত ভাঙি যোৱাৰ ফলত চিকিৎসালয়খনত থকা চিকিৎসকগৰাকীৰ লগতে কৰ্মচাৰী কেইজনকো অন্য ঠাইলৈ স্থানান্তৰ কৰা হয় ৷ এই ক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰৰ এজন মন্ত্ৰী থকাৰ পিছতো কোনো পদক্ষেপ নোলোৱাত ৰাইজ চিন্তিত হৈ পৰিছে ৷ তেওঁলোকৰ চৰকাৰলৈ আহ্বান- চিকিৎসালয়খন মেৰামতি কৰি পশু চিকিৎসাৰ ক্ষেত্ৰত উপযোগী কৰি তোলক । 
আনহাতে, মহকুমা চিকিৎসা বিষয়াগৰাকীক এই ক্ষেত্ৰত কেইবাৰো অৱগত কৰা হ'ল যদিও কোনো পদক্ষেপ ল'ব নোৱাৰিলে । 

ৰঙিয়াত পশুচিকিৎসালয়ৰ দুৰৱস্থা


সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক ভৱজ্যোতি ডেকাই এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰকাৰে পৰিৱৰ্তনৰ কথা কৈ ৰাইজক আঁভুৱা-ভাৰিছে । বৰ্তমান বাৰিষাৰ বতৰ, এই সময়ত গৰু, ছাগলী, হাঁহ, কুকুৰাৰ বিভিন্ন ৰোগে দেখা দিয়ে ৷ এই সময়ত পশুধনসমূহক উপযুক্ত ঔষধ যোগান ধৰাৰ লগতে পটাছ, ফেনাইল যোগান ধৰিব লাগে ৷ কিন্তু চিকিৎসালয়সমূহত পৰ্যাপ্ত ঔষধৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে ৷

পৰিৱৰ্তনকামী চৰকাৰখনে পশুচিকিৎসালয়সমূহৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা লৈ জহি-খহি যোৱা উপকেন্দ্ৰসমূহ পুনৰ নিৰ্মাণ কৰি ঔষধ-পাতি যোগান ধৰিবলৈ তেওঁ আহ্বান জনায় ৷ এই ক্ষেত্ৰত পশুপালন মন্ত্ৰীগৰাকীয়ে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ অভিযোগ তুলি পশুচিকিৎসালয়সমূহৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ ফলতে বহু পশুচিকিৎসালয় জহি-খহি নাইকিয়া হ'বলৈ ধৰিছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

Your Comments