অৰুণাচলৰ টিৰাপত এনএছচিএনৰ আক্ৰমণত নিহত এনপিপি বিধায়ক

ar

অৰুণাচল প্ৰদেশৰ টিৰাপত এটা ভয়ংকৰ আক্ৰমণত নিহত হৈছে এনপিপি দলৰ  বিধায়ক তিৰং অবহ।আক্ৰমণত অবহৰ লগতে প্ৰাণ হেৰুৱাইছে তেওঁৰ পৰিয়ালৰ লোক,নিৰাপত্তাৰক্ষীসহ ১০ জনকৈ লোকে।টিৰাপ জিলাৰ বগাপানীত সংঘটিত হৈছে এই ভয়ংকৰ আক্ৰমণটো।

 

উল্লেখ্য যে টিৰং অবহ আছিল এনপিপিৰ এজন বিধায়ক।প্ৰাপ্ত তথ্য অনুসৰি দিনৰ ১১.৩০বজাত সংঘটিত হৈছে এই ঘটনা।বিধায়কগৰাকী খুনছা পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ঘটনাৰ লগত এনএছচিএন জড়িত থকা বুলি সন্দেহ কৰা হৈছে।এনপিপি প্ৰমুখ তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘটনাটোৰ তীব্র গৰিহণা দিছে।

Your Comments