নাৰায়ণপুৰত অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় 

নাৰায়ণপুৰত অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় 

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান তথা ঐতিহাসিক বহু সত্রৰে সমৃদ্ধ বৃহত্তৰ নাৰায়ণপুৰত চলিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত আজি বহু দিন ধৰি অসাধু চক্ৰই অবৈধ সুৰা, ভাং, ড্ৰাগছ আদিৰ ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে যুৱ-ছাত্র পৰিষদ আৰু অনুসূচিত জাতি ছাত্র সন্থাই ৷

সংগঠন দুটাই বহুবাৰ লখিমপুৰ আবকাৰী বিভাগক জনাইছে যদিও বিহপুৰীয়াৰ দায়িত্বত থকা আবকাৰী পৰিদৰ্শক প্ৰাঞ্জল পাংগিঙৰ অদূৰদৰ্শিতা আৰু কমিছনৰাজৰ বাবেই সুৰাৰ অবাধ বেপাৰ চলি আহিছে ৷ লগতে সুলভ মূল্যৰ অৰুণাচলী সুৰা ব্যৱহাৰ কৰি নৱপ্ৰজন্মক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলি সংগঠন দুটাই মন্তব্য কৰে ৷

অনতিপলমে এই অবৈধ সুৰাৰ বেহা বন্ধ কৰাৰ লগতে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে সংগঠন দুটাই ৷ অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সংগঠন দুটাই প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে ৷

Your Comments