মঙলবাৰে চতুৰ্থ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস দেশৰ লগতে অসমতো পালন কৰা হয় । কিন্তু অসম চৰকাৰে এই দিৱস ধুমধামেৰে পালন কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হস্ততাঁত কেন্দ্ৰসমূহৰ পয়ালগা অৱস্থাই সচেতন মহলক স্তম্ভিত কৰি তুলিছে । তেনে এটা পয়ালগা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ হ'ল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালস্থিত হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰটো ।
১৯৮৬-৮৭ চনতে স্থাপন কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ বৰ্তমানৰ পয়ালগা অৱস্থাটোৱে ৰাজ্য চৰকাৰখনৰ হস্ততাঁত বিভাগটোৰ প্ৰতি থকা দায়বদ্ধতাৰ লগতে বিভাগটোৰ উন্নয়নৰ নমুনা বাৰুকৈয়ে প্ৰকট কৰি তুলিছে । প্ৰশিক্ষণ কেন্দ্ৰটোত কেইবাবছৰ ধৰি নাই কোনো বস্ত্ৰ উৎপাদন, নাই কোনো প্ৰশিক্ষণ । বৰ্তমান চাৰিগৰাকী কৰ্মচাৰী আছে যদিও নাই কোনো প্ৰশিক্ষাৰ্থী ।
নামত পোন্ধৰগৰাকীকৈ প্ৰশিক্ষাৰ্থী আছে যদিও কোনো প্ৰশিক্ষাৰ্থী উপস্থিত নাথাকে কেন্দ্ৰটোত । মাহিলি মাত্ৰ আশী টকাৰ জলপানিতেই সন্তুষ্ট থাকিবলগীয়া প্ৰশিক্ষাৰ্থীসকলৰ বাবে নাই উপযুক্ত শিক্ষণ সামগ্ৰী । কেন্দ্ৰটোত থকা শালবোৰো ব্যৱহাৰৰ অনুপযোগী হৈ পৰি আছে বছৰ বছৰ ধৰি । আৱাসগৃহবোৰ জহি-খহি ভূত বাংলাত পৰিণত হৈছে । মূল কাৰ্যালয়টোৰো জৰাজীৰ্ণ অৱস্থা ।
মুঠতে ধ্বংসস্তূপত পৰিণত হৈছে এই প্ৰশিক্ষণ কেন্দ্ৰটো । কেইবাবছৰ ধৰি খালী হৈ আছে নৈশ চকীদাৰ পদটো । নিশা হ'লে মদ-জুৱাৰ আড্ডা বহে প্ৰশিক্ষণ কেন্দ্ৰটোত । এতিয়া প্ৰশ্ন হ'ল, ক্ষন্তেকীয়া ৰাজনৈতিক চমক সৃষ্টিৰে ধুমধামেৰে হস্ততাঁত দিৱসৰ আয়োজন কৰা ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোত চকু পৰিবনে ?
বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু গাফিলতিৰ বাবেই জহি-খহি যোৱা এই প্ৰশিক্ষণ কেন্দ্ৰটোক পুনৰ নিৰ্মাণ কৰি ইয়াক এক উদ্যোগলৈ পৰ্যৱসিত কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ।
- Log in to post comments
- 10 views