সংগীত জগতৰ পৰা সন্যাসলৈ জংঘলবাসী হ'ব জুবিন !

zubin

জালাহৰ পৰা গুঞ্জন দাস

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সংগীত জগতৰ পৰা সন্ন্যাস লৈ জংঘলত থাকিব-- এই মন্তব্য খোদ জুবিন গাৰ্গৰ ৷
বাক্সা জিলাৰ জালাহত অনুষ্ঠিত ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহন কৰি বুধবাৰে নিশা জুবিন গাৰ্গে কয় যে দহ বছৰ পিচত তেওঁ জংঘললৈ যাব ৷ আৰু জংঘলতেই তেওঁ বাস কৰিব ৷ সাংস্কৃতিক সন্ধিয়াত এটাৰ পিচত আনটো জনপ্ৰিয় গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰি জুবিন গাৰ্গে কয় যে সংস্কৃতি ৰক্ষা কৰাৰ বাবে এতিয়া পুৰণি শিল্পীসকলক টানি আনিব নোৱাৰি ৷ একলগ হৈ নতুন প্ৰজন্মটোৱেহে সংস্কৃতি ৰক্ষা কৰিব লাগিব ৷ লগতে জনপ্ৰিয় কন্ঠ শিল্পীগৰাকীয়ে কয় যে সদায় সংস্কৃতি ৰক্ষাৰ নামত যুঁজ কৰি থাকিব নোৱাৰিম ৷ দহ বছৰ পিচত মই জংঘলত গৈ জীৱ -জন্তুৰ লগতহে থাকিম ৷ য'ত মোক কোনেও বিচাৰি নাপাব ৷ 

মই এতিয়াও বৰ অসমৰ কথাকেই ভাবো বুলিও কণ্ঠশিল্পীগৰাকীয়ে স্বভাৱ সুলভ সৰলতাৰে আন এক মন্তব্য কৰে।

Your Comments