মমতা বেনাৰ্জীৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি দিয়ক: নিৰ্বাচন আয়োগক দাবী বিজেপিৰ

mamata

নিউজ ডেস্ক:
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি দিয়াৰ দাবীৰে
নিৰ্বাচন আয়োগৰ ওচৰ পালেগৈ শীৰ্ষ বিজেপি নেতৃবৰ্গ।মঙলবাৰে কলকাতাত বিজেপি অধ্যক্ষ অমিত শ্বাহৰ ৰেলীত তৃণমূল কংগ্ৰেছৰ সদস্যসকলে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলি নিৰ্বাচন আয়োগৰ ওচৰ চাপে বিজেপি নেতৃবৰ্গ।


মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক পদত থাকিও অসংবিধানিক মন্তব্যৰে তৃণমূল সদস্যসকলক বিজেপিৰ বিৰূদ্ধে হিংসা সংঘটিত কৰিবলৈ উচটোৱাৰ বাবে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি দিবলৈ বিজেপিয়ে দাবী জনায়।

Your Comments