বঙাইগাঁৱত ভোট গণনা কাৰ্যৰ লগত জড়িত বিষয়া - কৰ্মচাৰীসকলক প্ৰশিক্ষণ 

bgn

বঙাইগাঁওঃ ১৪ মেঃ

ভাৰতৰ নিৰ্ব্বাচন আয়োগৰ নিৰ্দ্দেশ অনুসৰি অহা ২৩ মে'ৰ দিনা পুৱা আঠ বজাৰ পৰা সমগ্ৰ দেশৰ লগতে ছয় নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত বত্ৰিছ নং বঙাইগাঁও  বিধান সভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গণনা কাৰ্য যাতে সুকলমে আৰু শান্তিপূৰ্ণভাবে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বঙাইগাঁও জিলা প্ৰশাসনে নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াৰ লগত জৰিত বিষয়া - কৰ্মচাৰীসকলক এক প্ৰশিক্ষণ প্ৰদান কৰে ৷

স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত ভোট গণনা কাৰ্যৰ বাবে নিয়োগ কৰা কাউন্টিং চুপাৰভাইজৰ , মাইক্ৰ অবজাৰভাৰ আৰু কাউন্টিং সহায়কসকলে পালন কৰিবলগীয়া দায়িত্বসমূহ অৱগত কৰাৰ লগতে ই ভি এম ভোটিং মেচিনসমূহৰ পৰা কেনেকৈ গণনা কৰা হয় , তাৰ ব্যৱহাৰিক দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণ প্ৰদান কৰে   জিলা তথ্য বিষয়া বিজয় মজুমদাৰে । আনহাতে এই প্ৰশিক্ষণ কাৰ্যত বঙাইগাঁও জিলা নিৰ্ব্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে উপস্থিত থাকি ভোট গণনাৰ বাবে নিয়োগ কৰা সকলো বিষয়া - কৰ্মচাৰীকে নিজৰ নিজৰ দায়িত্বসমূহ ভালদৰে বুজিলৈ আৰু নিয়াৰিকৈ গণনা কাৰ্য সম্পন্ন কৰিবলৈ কোৱাৰ লগতে গণনা কাৰ্যত সকলোকে সততা আৰু নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰিবলৈও অনুৰোধ  জনায় ।

প্ৰশিক্ষণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী, বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে অৰূপ কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি দাস , নিৰ্ব্বচনী বিষয়া বাসৱী ঠাকুৰীয়া আৰু ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া পাৰ্থ প্ৰতিম খনিকৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত  থাকে ।

উল্লেখ্য যে জিলা প্ৰশাসনে গণনা কাৰ্য যাতে সুকলমে আৰু কোনো খুঁত ৰৈ নোযোৱাকৈ নিখুঁতভাৱে আৰু নিয়াৰিকৈ সম্পন্ন কৰি গণনাৰ ফলাফল যাতে ঘোষণা কৰিব পাৰে  তাৰ প্ৰতি বঙাইগাঁও জিলা প্ৰশাসনে বিশেষ গুৰুত্বাৰোপ কৰিছে ৷

Your Comments