বিশ্বকাপ দলত ঋষভ পন্টৰ অনুপস্থিতি অনুভৱ কৰা হ'ব-সৌৰভ গাংগুলী

risabh

ইংলেণ্ড আৰু ৱেলছত আয়োজিত হ'ব লগীয়া বিশ্বকাপ ক্রিকেটৰ ভাৰতীয় দলত উইকেটকীপাৰ বেটছমেন ঋষভ পন্টক অন্তৰ্ভুক্ত নকৰাক লৈ মত প্ৰকাশ কৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে।গাংগুলীয়ে কয় যে বিশ্বকাপ দলত ঋষভৰ অনুপস্থিতি অনুভৱ কৰা হ'ব।কিন্তু মই ক'ব নোৱাৰোঁ,কাৰ স্থানত তেওঁৰ অনুপস্থিতি অনুভৱ কৰা হ'ব।

ganguly

উল্লেখ্য যে সদ্যসমাপ্ত আইপিএলত ঋষভে প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াই নিজ দল দিল্লী কেপিটেলছক ছটা ছীজনৰ পিছত প্লে'অফত প্ৰৱেশ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

Your Comments