অগপৰ বিধায়িনী দলৰ বৈঠকতো অনুপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

agp

নিউজ ডেস্ক :
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপিৰে মিত্ৰতা ত্যাগ কৰি পুনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰে মিত্ৰতা কৰাৰ পাছত আজি আমবাৰীৰ মুখ্যকাৰ্যলয়ত অনুষ্ঠিত হৈছে অগপ দলৰ প্ৰথমখন বিধায়নী দলৰ বৈঠক।আমবাৰীৰ দলৰ মুখ্যকাৰ্যলয়ত আজি সন্ধিয়া অনুষ্ঠিত হৈছে বিধায়নী দলৰ এই বৈঠক খন। মুঠ ১৪জনকৈ বিধায়ক থকা দলটোৰ আজি বৈঠকত উপস্থিত নাথাকিল দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। পুত্ৰৰ উপনয়নৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী আজি বৈঠকত উপস্থিত থাকিব পৰা নাই বুলি জানিব অগপ শীর্ষ নেতৃত্বই জানিব দিয়ে যদিও তাৎপৰ্যপূৰ্ণভাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থাকিব নোৱাৰা দিন এটাত দলে কিয় বিধায়নী দলৰ বৈঠক অনুষ্ঠিত কৰিছে সেই কথাই এতিয়া বহুতৰ মনত প্ৰশ্নবোধক হৈ ক্ৰিয়া কৰিব ধৰিছে।কাৰণ বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰি যোৱা লোকসভাৰ নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ভোটদানৰ পৰা আঁতৰি থকাই নহয় সংবাদ মাধ্যমৰ আগতো দলৰ নেতৃত্বক বিভিন্ন সময়ত মুকলি সমালোচনা কৰি আহিছে।

আনহাতে মংগলবাৰে দলটোৰ মুখ্যকাৰ্যলয়ত অনুষ্ঠিত হব বধিত কাৰ্যনিৰ্বাহক তাতো প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিত থাকিব নাই তাৰ নিশ্চয়তা নাই।

ইফালে আজি বিধায়নী দলৰ বৈঠকত অসমৰ পৰা ৰাজ্যসভাত খালি হব লগা দুখন আসনৰ এখন বিজেপিৰ পৰা  বুজাবুজি মাধ্যমেৰে হস্তগত কৰাৰ বিষটো আলোচনাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Your Comments