নগাঁৱত পাচলিৰ প্ৰকৃত মূল্য লাভ নকৰে কৃষকে :মধ্যভোগীৰ চৰম প্ৰতাৰণা খেতিয়কক

veg

নগাঁও চহৰত এতিয়া পাচলিৰ জুইচাই দাম। একাংশ ব্যৱসায়ীয়ে নিজৰ খেয়াল-খুচিমতে পাচলিৰ দাম বৃদ্ধি কৰাত সৰ্বসাধাৰণ গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।ইয়াৰ বিপৰীতে পাচলি উৎপাদন কৰা গ্ৰাম্য অঞ্চলৰ কৃষকে নাপায় উচিত মূল্য।সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কৃষকক উৎপাদিত সামগ্ৰীৰ উচিত মূল্য দিয়া হ'ব বুলি বহুবাৰ ঘোষণা কৰিছে যদিও সেয়া কাৰ্যক্ষেত্ৰত সম্ভৱ হৈ নুঠিল। কৃষকসকলে যাতে স্বচ্ছলভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে,তাৰ ব্যৱস্থা কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে।কিন্ত চৰকাৰৰ সেই ঘোষণা আজিও কাৰ্যকৰী নহ'ল।যাব বাবে কৃষকসকলে উৎপাদিত সামগ্ৰী নিম্নতম মূল্যত বিক্ৰী কৰি লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। এইক্ষেত্ৰত কৃষক সংগঠনসমূহৰ ৰহস্যজনক নীৰৱতাত কৃষকসকল ক্ষোভ প্ৰকাশ কৰিছে।

 

নগাঁও চহৰত ভাতকেৰেলা,কোমোৰা,পটল, ভেণ্ডি,জিকা,গাজৰ আদিৰ মূল্য অত্যধিক হোৱা পৰিলক্ষিত হৈছে।চহৰখনৰ বজাৰসমূহত ঠাইভেদে প্ৰতি কিলোগ্ৰাম ভাতকেৰেলা ৮০ টকা,গাজৰ ৭০, তিতা কেৰেলা ৬০,পটল ৮০,জিকা ৪০, তিয়হ ৩০ টকা, ৰঙা লাও ৩০ টকা দৰত গ্ৰাহকে ক্ৰয় কৰিব লগা হৈছে।অৱশ্যে তুলনামূলক ভাবে স্কোৱাছৰ দাম কম।বজাৰত স্কোৱাছ প্ৰতি কেজিত ২০ টকা দৰত উপলব্ধ হৈছে। উল্লেখ্য যে, গাওঁ অঞ্চলৰ কৃষকে ভাতকেৰেলা প্ৰতিকেজিত ৩৫ - ৪০ টকা, তিতা কেৰেলা ৩০-৩৫, গাজৰ ৩০ টকা, জিকা ২০ টকা,পটল ৩৫-৪০ টকা দৰত বিক্ৰী কৰিব লগা হৈছে। একাংশ মধ্যভোগী দালালে কৃষকক চৰম প্ৰতাৰণা কৰি আহিছে। গাৱঁতকৈ চৰ অঞ্চলত পাচলিৰ দাম আৰু কম। প্ৰতি দিনে চৰ অঞ্চলৰ পৰা শ শ মিনি ট্ৰাকৰে নিম্নতম মূল্যত পাচলি সৰবৰাহ হৈ আছে। উল্লেখ্য যে উৎপাদিত সামগ্ৰীসমূহ দীৰ্ঘদিন ধৰি ঘৰত মঁজুত কৰি ৰাখিব নোৱাৰে।যাৰ বাবে  কৃষকসকলে বাধ্য হৈ ন্যূনতম মূল্যত পাচলিসমূহ বিক্ৰী কৰিব লগা হৈছে।চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কৃষকে আজি পৰ্যন্ত উচিত মূল্য নোপোৱাত কৃষকসকল আৰ্থিকভাৱে দুৰ্বল হ'ব লগা হৈছে। 

fr

ইপিনে,নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ফল-মূলৰ দাম দ্ৰুত গতিত বৃদ্ধি হৈছে। বৰ্তমান চলি থকা ৰমজানৰ ৰোজা উপলক্ষে ইছলামধৰ্মী লোকসকলে ফলমূল অধিক ক্ৰয় কৰাৰ সুবিধা গ্ৰহণ কৰি ফল-মূলৰ দাম অধিক বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। নগাঁৱৰ বজাৰত এতিয়া প্ৰতি কেজি আপেল ঠাইভেদে ১৬০ টকালৈ বৃদ্ধি হৈছে।আম প্ৰতি কেজিত ১৮০ টকা,আঙুৰ প্ৰতি কেজিত ১৪০-১৬০ টকা দৰত বিক্ৰী হৈছে।তদুপৰি কল,খেজুৰ, তৰমুজ, নাচপতি, মৌচুমী আদিৰ দামো বৃদ্ধি হৈছে। ব্যৱসায়ীসকলে এনেদৰে ফল-মূলৰ দাম বৃদ্ধি কৰাৰ পিছতো জিলা প্ৰশাসন-পৌৰ সভা,যোগান বিভাগে নিৰ্বিকাৰ ভূমিকা পালন কৰাত গ্ৰাহকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। 

 

আনহাতে, জিলাখনত কৃষকে উৎপাদিত ধানৰ মূল্যও সঠিকভাৱে নাপায়।বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰতি কুইণ্টল ধান ১৫৫০  টকা নিৰ্ধাৰণ কৰি দিছিল যদিও কৃষকসকলে মাত্ৰ ১১০০ - ১২০০ টকা মূল্যতে বিক্ৰী কৰিব লগা হয়। জিলাখনত শালি ধানৰ খেতিয়েই হওঁক বা বৰো খেতিয়েই হওঁক,খেতি চপোৱাৰ লগে লগে কৃষকসকলে বেপাৰী বা মিলাৰক আধা মূল্যত বিক্ৰী কৰিব লগীয়া হয় উৎপাদিত খাদ্য সামগ্ৰীসমূহ।ভাৰতীয় খাদ্য নিগম আৰু কৃষি বিভাগে কৃষকৰ পৰা কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দৰত কৃষকৰ পৰা ধান ক্ৰয় কৰিব লাগে যদিও ৰঙা ফিটাৰ মেৰপেচৰ বাবে কৃষকে খাদ্য নিগম আৰু কৃষি বিভাগৰ ওচৰত ধান বিক্ৰী কৰিব নোৱাৰে।যাৰ বাবে মধ্যভোগী দালালে কৃষকক প্ৰতাৰণা কৰিবলৈ সুবিধা লাভ কৰিছে।

Your Comments