বাক্সা জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, তামুলপুৰৰ জ্যেষ্ঠ বিজেপি নেতা লৱ স্বৰ্গীয়াৰীৰ আজি দেহাৱসান ঘটে । তামুলপুৰ ভকতপাৰা গাঁও নিবাসী থাওচুম স্বৰ্গীয়াৰীৰ পুত্ৰ লৱ স্বৰ্গীয়াৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৫ বছৰ । তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী লৱ স্বৰ্গীয়াৰী একাধিক ৰোগত আক্ৰান্ত হৈ যোৱা কেইবামাহ ধৰি গুৱাহাটীৰ ব্যক্তিগত নাৰ্ছিং হোম এখনত চিকিৎসাধীন হৈ আছিল ।
শেহতীয়াভাৱে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে তেখেতক প্ৰায় তিনিমাহ আগতে আন এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰায় । অৱশেষত দীৰ্ঘদিন মৃত্যুৰ স'তে যুঁজি আজি পুৱা প্ৰায় ৯ বজাত চিকিৎসালয়তে ইহলীলা সম্বৰণ কৰে । আজি আবেলি প্ৰায় ৫-৩০ বজাত তেওঁৰ মৃতদেহ তামুলপুৰৰ ভকতপাৰাৰ বাসগৃহলৈ অনা হয় ।
মৃতদেহ তামুলপুৰ আহি পোৱাৰ লগে লগে তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ লোক আহি তেখেতৰ বাসগৃহত উপস্থিত হয় । বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, সাধাৰণ সম্পাদক আৰতি বৰদলৈ আৰু ৰাজেশ বড়ো, বাক্সা জিলা বিজেপিৰ নেতা-কৰ্মী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপি নেতা ৰবীন্দ্ৰ বিশ্বাস, তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, তামুলপুৰ মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভা, সাধাৰণ সম্পাদক অম্বৰ ছেত্ৰী, তামুলপুৰ মণ্ডল বিজেপিৰ মেডিয়া চেলৰ সম্পাদক কামললোচন ৰাভা, নাগ্ৰীজুলি আৰু কুমাৰীকাটা মণ্ডল বিজেপিৰ নেতা-কৰ্মী, বাক্সা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ইমামুদ্দিন আহমেদকে ধৰি বিভিন্ন ব্যক্তি, গাঁওবাসী, স্থানীয় ৰাইজে আহি মৃতকলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
বিজেপি দলে দলীয় পতাকা, ফুলৰ মালা আদিৰে শ্ৰদ্ধা নিবেদন কৰে আৰু স্বৰ্গীয়াৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে । সমবেত ৰাইজে মৃতকৰ চোতালতেই এক মিনিট সময় মৌনতা অৱলম্বন কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় । ইয়াৰ উপৰি শোকসন্তপ্ত পৰিয়াললৈ সমাবেদনা জ্ঞাপন কৰে । ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰা সম্পূৰ্ণ কৰাৰ পিছত এক শোকাকুল পৰিবেশত আজি নিশাই তেখেতৰ মৃতদেহ সৎকাৰ কৰা হয় ।
উল্লেখ্য যে মৃত্যুৰ আগলৈকে লৱ স্বৰ্গীয়াৰী বৃহত্তৰ তামুলপুৰ অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগত জড়িত আছিল আৰু তামুলপুৰৰ ব'ল ব'ম উৎসৱৰো প্ৰতিষ্ঠাতা আছিল স্বৰ্গীয়াৰী । তামুলপুৰৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপে পৰিচিত সদাহাস্যময়ী লৱ স্বৰ্গীয়াৰীৰ মৃত্যুত তামুলপুৰ প্ৰেছ ক্লাব, তামুলপুৰ জিলা ক্ৰীড়া সন্থা, তামুলপুৰ ঘগ্ৰাচ'ক বণিক সন্থাকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।
- Log in to post comments
- 9 views