শশীপুৰত ১১দিনীয়া শিৱ মহাপুৰাণ

শশীপুৰত ১১দিনীয়া শিৱ মহাপুৰাণ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী শশীপুৰ যজ্ঞস্বাৰ শিৱ মন্দিৰ প্ৰাংগণত ২ আগষ্টৰ পৰা আৰম্ভ হৈছে শিব মহাপুৰাণ অনুষ্ঠান ৷ ১২ আগষ্টলৈ ১১দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী শিৱ মহাপুৰাণ কথাজ্ঞান তথা শিৱ পৰিৱাৰ প্ৰাণ প্ৰতিষ্ঠা উদ্‌ঘাটন সমাৰোহৰ আজি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে পুৰাণ পৰিচালনা সমিতিৰ সভাপতি ৰামদাস বসুমতাৰীয়ে ।

পুৱা ৭.৩০ বৃক্ষৰোপণ কৰে যশোদা দেৱী খতিৱাড়া, গোপাল খৰ্কা ছেত্ৰী, সমাজকৰ্মী ৰাম অৱতাৰ সিংহানিয়া, ধন বাহাদুৰ মগৰ, নন্দলাল ঢুংগানা, বৈজনাথ গুপ্তা আৰু পদম কাৰ্কী ছেত্ৰীয়ে । পুৱা ৮ বজাত ২৬নং দৰঙাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীয়ে মুখ্যদ্বাৰ উন্মোচন কৰাৰ পিছতে ৮.৩০ বজাত কলহ যাত্ৰাৰ শুভ উদ্বোধন কৰে বিটিচিৰ প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়ে ।

শশীপুৰত ১১দিনীয়া শিৱ মহাপুৰাণ

দৃষ্টিনন্দন কলহ যাত্ৰা তথা জলযাত্ৰাত সহস্ৰাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে অতিথিশালা, মুখ্য কাৰ্যালয়, স্বাস্থ্য বিভাগৰ কাৰ্যালয় উন্মোচন কৰা হয় । দুপৰীয়া ১ বজাৰ পৰা ৫ বজালৈ শ্ৰীশ্ৰী শিৱ মহাপুৰাণ কথাজ্ঞান প্ৰৱচন আৰম্ভ হয় । তামুলপুৰ মহকুমাৰ নিকটৱৰ্তী বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে প্ৰৱচন শুনাৰ বাবে ভক্তৰ আগমন আৰম্ভ হৈছে ।

এই প্ৰৱচন ১১ তাৰিখলৈ চলি থাকিব । ১২ আগষ্টত সন্ধিয়া ভজন-কীৰ্তনেৰে মহাপুৰাণ সম্পন্ন হ'ব ।

Your Comments