নগাঁৱত চিলনী চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান 

bike

নগাঁৱৰ পৰা ৱাহিদুদ জামান

 

নগাঁও চহৰত বিগত কিছুদিন ধৰি চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত আছে।যোৱা সপ্তাহত চহৰখনৰ অভিজাত এলেকা আমোলাপট্টি অঞ্চলতেই চাৰিটাৰো অধিক তেনে ঘটনা সংঘটিত হৈছে।ফলত মহিলা কৰ্মচাৰীকে ধৰি কেইবাজনো পথচাৰীৰ পৰা চিলনী চোৰে কেইবালক্ষাধিক টকা, মোবাইল,চেইন আদিকে ধৰি মুল্যৱান সামগ্ৰী লুট কৰি নিছে।এইদৰে চহৰখনৰ ভিন্ন স্থানত সঘনাই সংঘটিত এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত নগাঁও আৰক্ষী চুড়ান্তভাৱে ব্যৰ্থ হোৱাত নাগৰিক সমাজে তীব্ৰ সমালোচনা কৰি আহিছে।

 

এনে সমালোচনাৰ মাজতে আজি নগাঁও যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে চহৰখনৰ বিভিন্ন স্থানত অভিযান চলাই ১৭ খন নম্বৰ প্লেটবিহীন মটৰচাইকেল জব্ধ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত কেইবাখনো পালচাৰ বাইকো আছে। উল্লেখ্য যে, একাংশ চিলনী চোৰে নম্বৰ প্লেটবিহীন পালচাৰ বাইক ব্যৱহাৰ কৰি চহৰখনৰ বিভিন্ন স্থানত তাণ্ডৱ সৃষ্টি কৰি আহিছিল। ইপিনে,নগাঁও সদৰ আৰক্ষী, ইটাচালি আৰক্ষী চকী, হয়বৰগাঁও আৰক্ষী চকী, নগাঁও নগৰ আৰক্ষীয়ে চিলনী চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষীয়ে চিলনী চোৰৰ সন্দেহত তিনিজন যুৱকক আটক কৰি মৰাথান জেৰা অব্যাহত ৰাখিছে।

Your Comments