যোৱা ২৮ আৰু ২৯ জুলাইত কলকাতাৰ নেতাজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও খেলুৱৈ উজলিবলৈ সক্ষম হয়৷ ইৰাণ, নেপাল, শ্ৰীলংকা, বাংলাদেশ, মালয়েছিয়া, ম্যানমাৰ, ওমান, ভূটান আদিকে ধৰি সৰ্বমুঠ ১২খন দেশৰ ৩৮০০ জন প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ সৰ্বমুঠ ৪৭গৰাকী খেলুৱৈৰ ভিতৰত অসমৰ সাতগৰাকী খেলুৱৈৱে সৰ্বমুঠ ১১টা পদক লাভ কৰিবলৈ সক্ষম হয়৷
অসমৰ হৈ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে- মাৰ্চিহা কাঞ্জ (এটা সোণৰ আৰু এটা ৰূপৰ পদক), মাচুমা বেগম (এটা সোণ), মানৱ বৈশ্য (এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক), প্ৰজ্ঞানজ্যোতি কলিতা (এটা ৰূপ আৰু এটা ব্ৰঞ্জ পদক), উম্মে চালমা (এটা ৰূপৰ পদক), দ্ৰীতিমন কুমাৰ নাথ (দুটা ব্ৰঞ্জৰ পদক), হ্ৰীসিতা ঘোষ (এটা ব্ৰঞ্জৰ পদক) বুলি ওৱল্ড ট্ৰেডিচনেল ছোট’কান কাৰাটে ফাডাৰেচন অসম শাখাৰ প্ৰচাৰ সম্পাদক দিপাঙ্কৰ মজুমদাৰে জনানিবলৈ দিয়ে৷
- Log in to post comments
- 22 views