কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত বঙাইগাঁৱত চি পি আই ( এম) দলৰ বিক্ষোভ

cpim

বঙাইগাঁওঃ১০ মেঃ

জাগীৰোড আৰু পাঁচগ্ৰাম কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি চি পি আই ( এম) দলৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ চি পি আই ( এম)  দলৰ আহ্বানত জিলা সমিতিয়ে ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে জিলা সমিতিয়ে জাগীৰোড আৰু পাঁচগ্ৰাম কাগজ কল পুনৰ মুকলি কৰা , শ্ৰমিক- কৰ্মচাৰী- বিষয়াসকলৰ বকেয়া দা- দৰমহা আদায় দিয়া আৰু কাজগ কল দুটা পুনৰুজ্জীৱিত কৰিব নোৱাৰালৈকে শ্ৰমিক - কৰ্মচাৰী তথা বিষয়াসকললৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা আৰু ল'ৰা - ছোৱালীৰ শিক্ষাৰ খৰচ চৰকাৰে বহন কৰাৰ দাবী জনায় ৷

চি পি আই ( এম) ৰ বঙাইগাঁও জিলা সমিতিয়ে এই দাবীৰ উপৰিও এন আৰ চিৰ নামত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰাৰো দাবী জনায় ৷ উল্লেখ্য যে গান্ধী ময়দানত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে শ্ৰমিক - কৰ্মচাৰীৰ জীৱনকলৈ হেতালি খেলা বিজেপি চৰকাৰ হায় হায়, কৰ্পৰেটৰ দালাল বিজেপি হায় হায়, বিজেপি চৰকাৰৰ শিল্পনীতি মুৰ্দাবাদ, আম্বানী, আদানী কৰ্পৰেটৰ দালাল বিজেপি হায় হায় , শ্ৰমিক - কৰ্মচাৰী বিৰোধী বিজেপি চৰকাৰ হায় হায়, শ্ৰমিক- কৰ্মচাৰী আৰু বিষয়াসকলৰ বকেয়া দা- দৰমহা আদায় দিয়ক, জাগীৰোড, পাঁচগ্ৰাম আৰু যোগীঘোপাৰ অশোক কাগজ কল অতি শীঘ্ৰে মুকলি কৰক, মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক অনতি পলমে ক্ষতিপূৰণ আদায় দিয়ক, এন আৰ চিৰ নামত সাধাৰণ নাগৰিকৰ জীৱনকলৈ হাৰাশাস্তি কৰা বিজেপি হায় হায় , এন আৰ চিৰ নামত ধৰ্মীয় সংখ্যালঘু, ভাষিক সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি বিভিন্ন শ্ল'গানো দিয়ে ৷cpim2

ইপিনে বিক্ষোভ কাৰ্যসূচী সন্দৰ্ভত চি পি আই (এম) নেতা হৰেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে জাগীৰোড কাগজ কলৰ বিষয়া বিশ্বজিৎ মজুমদাৰৰ আত্মহনন আৰু পাঁচগ্ৰাম কাগজ কলৰ শ্ৰমিক পাৰ্থ দেৱে চিকিৎসাৰ অভাৱত অকালতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল ৷ কেৱল এওঁলোক দুগৰাকীয়ে নহয়, বৰং ৫৫ গৰাকী শ্ৰমিক - কৰ্মচাৰী আৰু বিষয়াই চৰকাৰৰ ভুল উদ্যোগ নীতিৰ ফলত তেওঁলোকৰ জীৱন দিবলগীয়া হৈছে ৷ সেয়ে এই ঘটনা অতি বেদনাদায়ক ৷ তেওঁ আৰু কয় যে জাগীৰোড আৰু পাঁচগ্ৰামৰ কাগজ কল দুটা বিগত আঢ়ৈ বছৰ ধৰি বন্ধ হৈ আছে ৷

চৰকাৰে কাগজ কল দুটা খুলিব বুলি কৈ আছে যদিও আজিলৈকে কিন্তু খোলা নাই ৷ নিৰ্বাচনৰ সময়ত তেওঁলোকে ভোট লাভ কৰাৰ কাৰণে সস্তিয়া প্ৰচাৰৰ স্বাৰ্থত এইবিলাক কথা কৈছে যদিও কিন্তু কোনোতো কামেই কৰা নাই ৷ আনকি কেন্দ্ৰীয় চৰকাৰে বন্ধ হৈ থকা কাগজ কল দুটাৰ শ্ৰমিক- কৰ্মচাৰীসকলৰ দা- দৰমহাৰ বাবে ৯০ কোটি টকা আৱন্টন দিছিল যদিও ৰাজ্য চৰকাৰে এই টকা আন শিতানত খৰচ কৰিছে ৷ যাৰ ফলত আজি কাগজ কল দুটাৰ শ্ৰমিক - কৰ্মচাৰীসকল অন্ন,বস্ত্ৰ আৰু চিকিৎসাৰ অভাৱত মৃত্যু মুখত পৰিছে ৷ চৰকাৰৰ এই নীতি অত্যন্ত গৰিহণাযোগ্য ৷ এই বিক্ষোভ কেৱল বঙাইগাঁৱতে নহয়, ৰাজ্যখনৰ সকলো জিলা সদৰতে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়িত হৈছে ৷cpim3

আনহাতে এন আৰ চিৰ নামত ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলৰ বিৰুদ্ধে কিছুমান সংগঠন তথা ব্যক্তিয়ে খচৰা তালিকাত নাম অহাৰ পিচতো তেওঁলোকৰ বিৰুদ্ধে মিছা অভিযোগ দিয়া বুলি কয় ৷ চি পি আই ( এম)  নেতা গৰাকীয়ে কয় যে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলৰ যিসকলে উপযুক্ত নথি- পত্ৰ দিয়াৰ পিচত তেওঁলোকৰ নাম এন আৰ চিৰ খচৰা তালিকাত অাহিছে তাৰ পিচতো কিন্তু পুনৰ কিছুমান সংগঠনে মইমতালি কৰি অযথা হাৰাশাস্তি কৰাৰ চক্ৰান্তৰে এজন ব্যক্তিয়ে শ শ মানুহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাত তেওঁলোকক পুনৰ শুনানিৰ নামত পৰিয়াল বিলাকক বিভিন্ন ঠাইলৈ আনিবলগীয়া হৈছে ৷

কিন্তু এই শুনানিত অভিযোগকাৰী নিজে অনুপস্থিত থাকে ৷ ইয়াৰ ফলত টকা আৰু সময় খৰচ হোৱাৰ লগতে মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি কৈ দলে এই কাৰ্যক বিৰোধিতা কৰা বুলি কয় ৷ সেয়ে শুনানিত অভিযোগকাৰী যদি অনুপস্থিত থাকে তেন্তে লোকসকলৰ নথি- পত্ৰসমূহ পৰীক্ষা কৰি তেওঁলোকৰ নাম যাতে শুদ্ধভাৱে এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰে আৰু নতুনকৈ শুনানিৰ নামত যাতে তেওঁলোকক হাৰাশাস্তি নকৰে তাৰ বাবে দাবী জনায় ৷ এই সন্দৰ্ভত জিলা সমিতিয়ে কাৰ্যসূচীৰ অন্তত সমগ্ৰ বিষয়টো উল্লেখ কৰি অভিযোগকাৰি শুনানিত অনুপস্থিত থাকিলে অভিযোগ খাৰিজ কৰিবলৈ দাবী জনাই বঙাইগাঁও জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰত লগতে জিলা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক অভিযোগৰ সত্যতা বিচাৰ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায় ৷

সেইদৰে জাগীৰোড আৰু পাঁচগ্ৰাম কাগজ কল দুটা পুনৰ মুকলি কৰা, শ্ৰমিক- কৰ্মচাৰী আৰু বিষয়াসকলৰ বকেয়া দা - দৰমহা অনতিপলমে আদায় দিয়া আৰু কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব নোৱাৰালৈকে ভুক্তভোগীসকলক খাদ্য সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ ল'ৰা - ছোৱালীৰ শিক্ষাৰ খৰচ চৰকাৰক বহন কৰাৰ দাবী জনাই কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰ দুখন বিক্ষোভ কাৰ্যসূচীস্থলীত কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ গ্ৰহণ কৰে ৷ বিক্ষোভ কাৰ্যসূচীত বঙাইগাওঁ জিলা চি পি আই (এম) সমিতিৰ সম্পাদক পৰিমল চক্ৰৱৰ্তীৰ লগতে কেবাগৰাকীও নেতা তথা দলীয় কৰ্মীসকল উপস্থিত থাকে ৷

Your Comments