পাঁচগ্ৰাম কাগজকলক সোনকালে জীয়াই তোলা হ'ব-মুখ্যমন্ত্ৰী সোণোৱাল

cm

বৰাকৰ পৰা আব্দুল  আলিম চৌধুৰী

 
বৰাকত মিনি সচিবালয়ৰ কাম-কাজ আৰম্ভ কৰা,পাঁচগ্রাম কাগজকলৰ পুনৰুজ্জীৱিতকৰণ,কৰিমগঞ্জ  মেডিকেল কলেজৰ নির্মাণ,শনবিলক পর্যটন কেন্দ্রৰ ৰূপ  দিয়াসহ সমগ্র আঁচনিৰ কামসমূহ লোকসভা নির্বাচনৰ ফল ঘোষনাৰ পিছতেই  আৰম্ভ হ'ব।

দিল্লীত থকা বৰাকৰ বিজেপি প্রতিনিধি দলৰ লগত দিল্লীৰ ২৯ ৰবিশংকৰ শুক্লা লেনৰ মুখ্যমন্ত্রীৰ নিজা বাসভবনত হোৱা আলোচনা কালত এনেদৰে আশ্বাস দিয়ে মুখ্যমন্ত্রী 
সর্বানন্দ সোণোৱালে।

দলত আছিল কাছাৰ জিলা বিজেপিৰ সভাপতি কৌশিক ৰায় আৰু কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্রত ভট্টাচার্য।ইফালে,সমগ্র  কামৰ বাবে চৰকাৰৰ তৰফৰ পৰা যিমান সাহায্য-সহযোগিতা কৰিব লাগে,তাৰ বাবে সাজু আছোঁ বুলিও তেওঁ কয়।


এই বিষয়ে এক বিবৃ‌তিযোগে সংবাদ মাধ্যমত প্রকাশ কৰিছে দুই জিলা সভাপতি তথা  পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে।

Your Comments