যোৱা ৩০ জুলাইত শান্তিপূৰ্ণভাৱে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতো এন আৰ চিক লৈ বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতা অব্যাহত আছে । মুঠৰ ওপৰত এন আৰ চিক লৈ যাতে কোনো দুষ্টচক্ৰই অশান্তি আৰু বিষবাষ্প বিয়পাব নোৱাৰে তাৰ প্ৰতি বৰপেটা জিলা সততে সচেষ্ট হৈ থকা পৰিলক্ষিত হৈছে । উল্লেখ্য যে চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ এদিন আগলৈকে অসমৰ ভিতৰতে সৰ্বাধিক ৯৭৩খন আনুষ্ঠানিক সজাগতা সভা আহ্বান কৰাৰ পাছত আজি বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত পদ্মপাৰাস্থিত ডিলিজেণ্ট একাডেমীত এন আৰ চি আৰু স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ শীৰ্ষক এক সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় ।
ডিলিজেণ্ট একাডেমীৰ সঞ্চালক আব্দুৰ ৰৌফে উদ্দেশ্য ব্যাখ্যা কৰা তথা বিশিষ্ট শিক্ষক মহিৰুদ্দিন আহমেদে সভাপতিত্ব কৰা সভাখনত বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে এন আৰ চি এক ৰাষ্ট্ৰীয় দায়িত্ব বুলি উল্লেখ কৰি আগন্তুক দিনবোৰতো ৰাইজক একেধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে ভাষণ প্ৰসংগত এন আৰ চি সন্দৰ্ভত কোনো উৰাবাতৰিকে বিশ্বাস নকৰিবলৈ আহ্বান জনায় ৷
কোনো দুষ্টচক্ৰই যদি এই ক্ষেত্ৰত অশান্তিৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰে তেতিয়াহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও তেওঁ উল্লেখ কৰে । আনহাতে, চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসেও এন আৰ চি সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত দাবী, আপত্তি আৰু সংশোধনী আবেদন বিষয়ত ব্যক্তব্য আগবঢ়ায় । ইফালে একেখন সভাতে 'স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮' সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ উপায়ুক্তগৰাকীয়ে বিষয় সন্দৰ্ভত বিশদ ব্যাখ্যা দাঙি ধৰি কয় যে ভাৰতৰ ৮৬০খন জিলাত স্বচ্ছতাৰ ওপৰত চলি থকা এই জৰীপত চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ মুঠ পাঁচটা অনুষ্ঠান অন্তৰ্ভুক্ত হ'ব আৰু এই অনুষ্ঠানবোৰৰ স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি প্ৰাপ্ত নম্বৰৰ ওপৰত জিলাখনৰ স্থান নিৰূপণ হ'ব ।
এই ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে বৰপেটা জিলাৰ সুনামৰ বাবে জিলাবাসীক স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই স্বচ্ছতা মানৱ জীৱনৰ অংগ বুলি উল্লেখ কৰে ।
- Log in to post comments
- 13 views