মেচিন গণ্ডগোল কৰিলেহে বিটিএডিত বিপিএফ জিকিব পাৰিব-নৱ কুমাৰ শৰণীয়া

hra

নাং কৃষ্টিপ্রিয়া গগৈ

 
 মঙলবাৰে  কোকৰাঝাৰৰ সাংসদ  নৱ কুমাৰ শৰণীয়াই দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে। 
    

সংবাদমেলখনত তেওঁ কয়-" চিৰাং,কোকৰাঝাৰত এনআৰচিত স্থানীয় বহু মানুহৰ নামত বাচ-বিচাৰ নোহোৱাকৈ অভিযোগ দিয়া হৈছিল। কিন্তু সেই মানুহখিনিয়ে তেওঁলোকৰ ওপৰত কিয় অভিযোগ দিছে, সেই কথা নাজানে।"
     

এচাম আছু আৰু এবছু নেতাই মানুহক হাৰাশাস্তি দিবৰ কাৰণে এনে কামবোৰ কৰিছে আৰু যি মিছা অভিযোগ দিছে, সেইসমূহ উঠাই লবলৈ চৰকাৰ , আছু আৰু এবছুৰ নেতৃত্বক আহ্বান জনাই কোকৰাঝাৰৰ সাংসদগৰাকীয়ে। 


 'অজানিতে যদি ভুল কৰিছে, তেনেহলে হাতযোৰ কৰি কৈছোঁ,এই অভিযোগ উঠাই লওঁক' বুলিও অভিযোগকাৰীসকলক নৱ শৰণীয়াই আহ্বান জনায়। 


বিটিছিত পৰিৱেশ উত্তাল হোৱাৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও সাংসদগৰাকীয়ে চৰকাৰক আহ্বান জনায়। 


আনহাতে,বিটিচিত লোকসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিজয়ৰ কথা উল্লেখ কৰি তেওঁ কয় - 'মেচিন গণ্ডগোল কৰিলেহে বিটিছিত বিপিএফ জিকিব পাৰিব। ৬ লাখ ভোটত মই জয়যুক্ত হ'ম ।

Your Comments