খেলৰ জড়িয়তে বিহু আৰু গামোচাক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰিছিলোঁ-ৰিয়ান পৰাগ

riyan

তপন বৰগোহাঁই


'ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ'ত 'ৰাজস্থান ৰয়েলছ'ৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই কেইবাখনো গুৰুত্বপূৰ্ণ মেছত  ৰয়েলছক জয়ী কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ অসম সন্তান ৰিয়ান পৰাগে আজি সম্বোধন কৰে এখন সংবাদ মেল। সোমবাৰে সন্ধিয়া বিশেষ বিমানৰ জৰিয়তে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত মঙলবাৰে খাৰঘূলিস্থিত 'মেঘমল্লাৰ এপাৰ্টমেণ্ট'ত যুৱ ক্ৰিকেটাৰগৰাকীয়ে সংবাদ মেলত সমগ্ৰ অসমবাসীৰ লগতে দেশবাসীক  ধন্যবাদ জনায়। তেওঁ  কয়- 'অসমবাসীৰ মৰম আৰু আশীৰ্বাদ থকাৰ বাবেই আজি এই পৰ্যায়লৈকে যাব পাৰিছোঁ। অনাগত দিনতো অসমবাসীৰ মৰম আৰু আশীৰ্বাদে ক্ৰিকেটৰ জগতখনত আগবাঢ়ি যোৱাত সহায় কৰিব।'


সাংবাদিকে ৰিয়ানক 'আইপি এল'ৰ অভিজ্ঞতাৰ সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয় যে সৰুৰে পৰা টিভিত দেখি থকা বিশ্বৰ নামী-দামী খেলুৱৈসকলৰ লগত খেলিবলৈ পোৱাটোৱে ডাঙৰ অভিজ্ঞতা। বিশেষকৈ বিশ্বৰ আগশাৰীৰ স্পিনাৰ  ইমৰাণ তাহিৰ আৰু উইকেটৰক্ষক হিচাপে মহেন্দ্ৰ সিং ধোনীৰ সন্মুখত এজন বেটছমেন হিচাপে 'আইপিএল'ৰ ইতিহাসত আৰম্ভণি ঘটোৱাটোৱে মোৰ বাবে ডাঙৰ অভিজ্ঞতা।সাংবাদিকে ড্ৰেছিং ৰূমৰ অভিজ্ঞতা সম্পৰ্কে সোধাত তেওঁ কয় যে  সৰুৰে পৰা টিভিত দেখি থকা খেলুৱৈসকলে ড্ৰেছিং ৰূমত প্ৰতিমুহূৰ্ততে গাইড কৰিছিল। ইয়াৰ উপৰিও জ্যেষ্ঠ খেলুৱৈসকলে   কেতিয়া কেনেকৈ খেলিব লাগিব,সেই সকলোবোৰ ড্ৰেছিং ৰূমত শিকাইছিল বুলিও ব্যক্ত কৰে। আনহাতে বেটিং কৰি থকা সময়ত লগত থকা জ্যেষ্ঠ খেলুৱৈসকলে বিশেষ পৰামর্শ দিছিল নেকি বুলি সোধাত  ৰিয়ানে কয় -'যেতিয়া বেন ষ্টকৰ লগত ক্ৰিজত থাকোঁ, স সদায় তেওঁ কয় সাধাৰণভাৱে খেলখনক আগবঢ়াই নিবলৈ।একেদৰে যেতিয়া শ্ৰেয়াস গোপালৰ লগত বেটিং কৰি থাকোঁ তেতিয়া সদায় এটা কথাত গুৰুত্ব দিও যে তেওঁ ৰাণ কৰি থাকিলে মই যাতে উইকেট ৰাখি খেলখন আগবঢ়াই নিব বিচাৰো।'


ইফালে খেল-পথাৰত টাৱেলৰ সলনি গামোচা আৰু উইকেট লাভ কৰি বিহুনাচ দিয়া প্ৰসঙ্গত  যুৱ খেলুৱৈগৰাকীয়ে   কয় যে খেলখনৰ মাজেৰে যাতে অসমীয়াৰ জাতীয় প্ৰতীক গামোচাক বিশ্বদৰবাৰত চিনাকি কৰাব পৰা যায়,তাৰ বাবে এই প্ৰয়াস আছিল।ইয়াৰ উপৰিও বিহু নাচ দিয়া সন্দৰ্ভত তেওঁ কয় যে সপ্তমমানলৈকে মই বিহু নৃত্যৰ পৰা আৰম্ভ কৰি বহুবোৰ নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো।যেতিয়া ৱেষ্ট ইণ্ডিজৰ ব্ৰেভো,গেইল আদি খেলুৱৈসকলে খেলৰ আনন্দৰ মুহূৰ্তত নিজৰ জাতীয় নৃত্য  প্রদর্শন কৰাৰ দৰে ময়ো অসমীয়াৰ জাতীয় নৃত্য বিহু নৃত্যক মোৰ আনন্দৰ মুহূৰ্তত প্ৰদৰ্শন কৰি বিশ্ববাসীক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ।


আনহাতে আই পি এলত প্ৰথম ৪৭ ৰাণ কৰি কেৱল মাত্ৰ তিনি ৰাণৰ বাবে অৰ্ধশতৰাণৰ পৰা বঞ্ছিত হোৱাৰ সময়ত ৰিয়ান পৰাগ ভাগি পৰিছিল নেকি  বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়-'যেতিয়া কেৱল মাত্ৰ তিনি ৰাণৰ বাবে অৰ্ধশতৰাণৰ  পৰা বঞ্চিত হৈছিলোঁ,সেই সময়ত মনটো কিছু বেয়া লাগিছিল যদিও পিছত ছ'চিয়েল মিডিয়াত অসমবাসীৰ উৎসাহ দেখি পিছত অৰ্ধশতৰাণৰ ইনিংছ খেলিবলৈ সাহস পাইছিলোঁ।


ইফালে আজি সংবাদমেলৰ জৰিয়তে ক্ৰিকেট সন্থাকো ধন্যবাদ জনাই ৰিয়ানে।  আইপিএলৰ আগতে অসম ক্ৰিকেট সন্থাই তেওঁক বহুত সহায় কৰিছে বুলি কয়।


আনহাতে 'আইপিএল'ত দুখনকৈ গুৰুত্বপূৰ্ণ খেলত ৰাজস্থান ৰয়েলছক জয়ী কৰোৱাৰ মূলতে কি আছিল বুলি ৰিয়ানক সাংবাদিকে সোধাত তেওঁ কয় যে গ্ৰাউণ্ড প্ৰেকটিছ আছিল ইয়াৰ মূল কাৰণ। ইফাল কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ইডেনত খেলা খেলখনত কিছু ভয় লাগিছিল বুলিও উল্লেখ কৰে।কাৰণ হিচাপে  তেওঁ কয় যে খেলপথাৰখন যথেষ্ট ডাঙৰ,তাতে ৬০ হাজাৰ দর্শক।সেয়েহে প্ৰথম অৱস্থাত কিছু ভয় হৈছিল কিন্তু পিছলৈ সকলোবোৰ পৰিকল্পনা অনুসৰি চম্ভালি লৈছিলোঁ।


আনহাতে আইপিএলত কাৰ বল খেলিবলৈ ভয় লাগিছিল বুলি ৰিয়ানক সোধাত তেওঁ কয় যে ৱেষ্ট ইণ্ডিজৰ সুনীল নাৰায়ণ আৰু ভাৰতৰ যশপ্ৰীত বুমৰাৰ বল খেলিবলৈ অলপ ভয় লাগিছিল।


আনহাতে ভৱিষ্যত দিনৰ ৰিয়ানৰ পৰিকল্পনা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় 'মোৰ প্ৰধান লক্ষ্য ভাৰতীয় জাতীয় দলত স্থান নিশ্চিত কৰা।তাৰ বাবে এতিয়াৰে পৰা ৰঞ্জি ট্ৰফী,বিজয় হাজাৰে ট্ৰফী আৰু ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলত উন্নত প্ৰদৰ্শন আগবঢ়োৱাই এতিয়া হ'ব মূল লক্ষ্য।তাৰ বাবে পূৰ্বতকৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে অসম সন্তান ৰিয়ান পৰাগে।


ইফালে আজি ক্ৰিকেটৰ জগতত এই পৰ্যায়লৈকে আগবঢ়াই অনাত তুমি কাৰোবাৰ নাম ল'বা নেকি বুলি সোধাত তেওঁ কয় যে মোৰ পিতৃ পৰাগ দাসৰ বাবে আজি এই পৰ্যায় পাইছোঁহি। লগতে মাতৃ মিঠু বৰুৱা দাসৰ কথাও সংবাদমেলত উল্লেখ কৰে ৰিয়ানে।

Your Comments