ৰিয়ানে আইপিএলত ৫০ মৰাত মই বহুত সুখী- জুবিন গাৰ্গ
আইপিএলৰ সৰ্বকনিষ্ঠ অৰ্ধশতক অর্জনকাৰী অসম সন্তান ৰিয়ান পৰাগক লৈ উৎফুল্লিত জুবিন গাৰ্গ। দেওবাৰে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত গীত পৰিৱেশন কৰিবলৈ গৈ জনপ্ৰিয় শিল্পীগৰাকীয়ে ৰিয়ান পৰাগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে মই বহুত সুখী ৰিয়ানে আইপিএলত ৫০ মাৰিছে।লগতে জুবিনে কয় ৰিয়ান মোৰ ভাগিন। সি ৫০ মৰা দেখি মই শনিবাৰে বহুত স্ফূৰ্তি পাইছিলোঁ বুলিও নিজৰ অভিমত ব্যক্ত কৰে।
আনহাতে চেপন বিহুমঞ্চত গীত পৰিৱেশন কৰি সদায় ভাল লাগে বুলিও জানিবলৈ দিয়ে।লগতে চেপন কেন্দ্ৰীয় ৰঙালী বিহুৰ উদ্যোক্তা মৃদুল ফুকনৰ নাম লৈ জুবিনে কয়- 'প্ৰথম এই মঞ্চত গীত গাবলৈ আহোঁতে মৃদুলদাই কৈছিল ২০বছৰ এই মঞ্চত অনুষ্ঠান কৰিব লাগিব বুলি।'সেয়েহে ষষ্ঠবিংশতিতম বর্ষতো মই ইয়ালৈ গীত পৰিবেশন কৰিবলৈ আহিছোঁ।লগতে কয় ২০ বছৰে গীত পৰিৱেশন নকৰিলেও ঘৰুৱা হিচাপত চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনলৈ আহিম।
আনহাতে অনুষ্ঠানৰ মাজতে মোৰ ,মোৰ মনৰে কল্পনা' শীৰ্ষক গীতটো সন্দৰ্ভত জুবিনে উপস্থিত ৰাইজক উদ্দেশ্য কৰি কয় যে এই গীততো মই নতুন প্ৰেমত পৰি লিখা।অৱশ্যে নতুন প্ৰেয়সীৰ নাম নিউজ চেনেলৰ কাঁড় চিনলৈ ভয় কৰি ৰাজহুৱা নকৰোঁ বুলি ধেমেলীয়া সুৰত ব্যক্ত কৰিলে শিল্পীগৰাকীয়ে।
- Log in to post comments
- 10 views