খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ উপমন্যু হাজৰিকাৰ নতুন দল গঠন ঘোষণা

hazarika

'অসমত গঠন কৰা হ'ব এক নতুন ৰাজনৈতিক দল।খিলঞ্জীয়াৰ বাবে অসমত নাই কোনো দল,সেয়েহে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ বাবে গঠন কৰা হ'ব এই ৰাজনৈতিক দলৰ। অগপ-বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে  অসমখনক ধ্বংসৰ পথত ঠেলি দিলে।'সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এই ঘোষণা কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই। 

ৰাজনৈতিক দল গঠন কৰা বা নিৰ্বাচনত অৱতীৰ্ণ হৈ এমপি-এমএলএ হোৱাই এই ৰাজনৈতিক দলটোৰ মূল উদ্দেশ্য নহয়,ইয়াৰ মূল উদ্দেশ্য হৈছে 'খিলঞ্জীয়া'ক সুৰক্ষিত কৰিবলৈ আৰু সংখ্যালঘু হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৩ টা অনিবাৰ্য পদক্ষেপ আইনগত সংৰক্ষণ, (এনআৰচিৰ পুনৰীক্ষণ আৰু নতুন বিদেশীৰ বোজাৰ পৰা মুক্তি)গ্ৰহণ কৰি খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰা। 
       


সংবাদমেলখনত উপমন্যু হাজৰিকাই কয় যে আমাৰ ফলাফল সেই দিনাহে সম্পূৰ্ণ হ'ব,যিদিনা আমাৰ উদ্দেশ্যসমূহ সফল হ'ব । 
     

নতুন ৰাজনৈতিক দলটোৰ নাম বা আকাৰ-প্ৰকাৰ কেনেকুৱা হ'ব,এই সকলো কথা মে' বা জুন মাহৰ পৰা দলৰ সকলো কৰ্মীৰে আলোচনা কৰা হ'ব । 
      

২০২১ চনৰ বিধানসভা নিৰ্বাচনত গোটেইকেইটা সমষ্টিতে নতুন ৰাজনৈতিক দলটোয়ে প্ৰতিদ্বন্দিতা কৰিব বুলিও উপমন্যু হাজৰিকাই মন্তব্য কৰে। 
      

আনহাতে,গুৱাহাটী সমষ্টিত জয়লাভৰ বাবে তেওঁ খুবেই আশাবাদী বুলি উল্লেখ কৰে।

Your Comments