বিজেডি আৰু বিএছপিৰ প্ৰতি নৰম হৈছে বিজেপি!

nabin

ওড়িশাত এইবাৰ বিজেডি আৰু বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দিতা।ৰাজ্যখনৰ ২১ খন লোকসভা আসনৰ অধিক সংখ্যক দখল কৰিবলৈ এইবাৰ বিজেপিয়ে পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে।লোকসভা নিৰ্বাচনৰ লগতে হৈ থকা বিধানসভা নিৰ্বাচনতো ভাল ফল দেখুৱাবলৈ বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে।


এনে সময়তে আজি পুৱা ৰাজ্যখনৰ 'ফানী' ধুমুহা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভুৱনেশ্বৰ বিমানবন্দৰত অৱতৰণ কৰে।বিমানবন্দৰত মুখ্যমন্ত্ৰী নবীন পাটনায়কে প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায়।দুয়ো অতি কম সময় কথা পাতে।কিন্তু এই সাক্ষাতৰ পিছতে ৰাজনৈতিক বুবু-বাবা হৈছে যে মোডী নবীন পাটনায়কৰ প্ৰতি নৰম হৈছে।


২৩ মে'ৰ পিছত চৰকাৰ গঠনত পাটনায়কৰ বিজেডিৰ সহায়ৰ প্ৰয়োজন হ'ব বুলিয়েই মোডীয়ে পাটনায়কৰ প্ৰতি নৰম দৃষ্টিভংগী ল'বলৈ আৰম্ভ কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।ইয়াৰ পূৰ্বে বিএছপি প্ৰমুখ মায়াৱতীৰ প্ৰতিও নিৰ্বাচনী সভাত নৰম  দৃষ্টিভংগী গ্ৰহণ কৰিছিল মোডীয়ে।তেতিয়া,২৩ মে'ৰ পিচত মায়াৱতীৰ  পৰা সমৰ্থন বিচাৰিবলৈ বিজেপি পিচ নুহুহেকে বুলি আলোচনা হৈছিল।

Your Comments