তেজপুৰৰ বাণ থিয়েটাৰত অসম ভিত্তিত নাট প্ৰতিযোগিতাৰ আয়োজন

ban

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,৫ মে'

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫০ সংখ্যক স্মৃতি দিৱস উপলক্ষে বিগত বছৰৰ দৰে চলিত বৰ্ষতো তেজপুৰৰ বাণ থিয়েটাৰৰ উদ্যোগত অহা ১৯ আৰু ২০ জুনত ৰাভা দিৱসৰ আয়োজন কৰা হৈছে । ৰাভা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত এখনি একাংক নাট প্ৰতিযোগিতাৰো আয়োজন কৰিছে।

জানিব পৰা মতে প্ৰতিযোগিতাখনিত  শ্ৰেষ্ঠ বিবেচিত তিনি স্থানপ্ৰাপ্ত নাট্যদলক ক্ৰমে ১৫,০০০,১০,০০০ আৰু ৭,০০০ টকাৰ লগতে  ব্যক্তিগত শিতানত অন্যবহুকেইটা  পুৰস্কাৰ প্ৰদান কৰা হ'ব । প্ৰতিযোগিতাত যোগদান  কৰিব  বিচৰা নাট্যদলসমূহে অহা ২০মে'ৰ ভিতৰত নাটৰ পাণ্ডুলিপি জমা দিব লাগিব ।

ইচ্ছুক  প্ৰতিযোগী দলসমূহে সভাপতি/সম্পাদক,বাণ থিয়েটাৰ,তেজপুৰ- ৭৮৪০০১নাইবা ,৯৪৩৫০৪০৯৮৫,৯৪৩৫১৮৩৬২১, ৯৪৩৫৫৬৩১০৮নম্বৰত আৰু bantheatretezpur@gmail.com ই-মেইলত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ।

Your Comments