![bgn](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-05%20at%209.05.14%20PM%20%281%29.jpeg?itok=56i4FBnL)
বঙাইগাঁওঃ
বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত অবৈধভাৱে কাঠ ফলা মিল চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ মাজে সময়ে বন বিভাগে এনে অবৈধ মিল জব্দ কৰে যদিও ঠাই বিশেষে চলিয়ে আছে ৷ এনে অভিযোগৰ মাজতে কালি ( শনিবাৰে) বঙাইগাঁও জিলা প্ৰশাসনে জিলাখনৰ বিলাসপুৰত এক অভিযান চলায় ৷
বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান আৰু অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাৰ নেতৃত্বত চলোৱা এই অভিযানত অবৈধভাৱে চলি থকা দুটাকৈ কাঠ ফলা মিল জব্দ কৰে ৷ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ জানিব পৰা মতে দীৰ্ঘদিনৰে পৰা বিলাসপুৰত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে অবৈধভাৱে কাঠ ফলা মিল স্থাপন কৰি কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ কাঠ ব্যৱসায়ী চক্ৰটোৱে বিভিন্ন বনাঞ্চলৰ পৰা চোৰাংভাৱে কাঠ সৰবৰাহ কৰি এই মিলত ফালি কাঠসমূহ বিক্ৰী কৰি আহিছিল ৷
কিন্তু এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ ফলত বঙাইগাঁও জিলা প্ৰশাসনে এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে জিলাখনৰ সীমান্ত অঞ্চল বিলাসপুৰত এক অভিযান চলায় ৷ উল্লেখ্য যে পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণকো নেওচি খোদ বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান আৰু অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাৰ নেতৃত্বত এটা অভিযানকাৰী দল বিলাসপুৰত উপস্থিত হয় আৰু চোৰাং কাঠ ব্যৱসায়ী চক্ৰই অবৈধভাৱে স্থাপন কৰা দুটাকৈ কাঠ ফলা মিল জব্দ কৰে ৷ লগতে মিল দুটাত থকা চোৰাং কাঠো জব্দ কৰে ৷ পিচত জিলা প্ৰশাসনৰ অভিযানৰ খবৰ পাই বন বিভাগৰ দল উপস্থিত হয় ৷
- Log in to post comments
- 13 views