'ফানী'য়ে বিধ্বস্ত কৰা ওড়িশাত যুদ্ধকালীন উদ্ধাৰ অভিযান

fani

নিউজ ডেস্ক:

'ফানী'য়ে কোবাই যোৱাৰ পিছত সম্প্ৰতি ওড়িশাত যুদ্ধকালীন তৎপৰতাৰে অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰ বাহালৰ অভিযান চলিছে।ফানীয়ে ক্ষতিগ্রস্ত কৰা ১০,০০০ গাঁও আৰু ৫২ খন চহৰ-মফচলত বিজুলী, খোৱাপানী ব্যৱস্থা পুনৰ বাহাল তথা উদ্ধাৰ অভিযান চলাই থকা হৈছে।


ফানীৰ প্ৰভাৱত ৰাজ্যখনত ১৬ জন লোকৰ মৃত্যু হৈছে।১ কোটি লোক প্ৰভাৱিত হৈছে।যিসকল লোক আশ্ৰয় শিবিৰত আছে,তেওঁলোকক ১৫ দিনৰ বাবে খাদ্যৰ যোগান ধৰা হ'ব বুলি ওড়িশা চৰকাৰে ঘোষণা কৰিছে।

Your Comments