নিউজ ডেস্ক:
আইপিএলৰ ইতিহাসৰ সৰ্বকণিষ্ঠ অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈৰ অভিলেখ গঢ়িলে অসম সন্তান ৰিয়ান পৰাগে।শনিবাৰে 'দিল্লী কেপিটেলছ'ৰ বিৰুদ্ধে ৪৯ টা বলত ৫০ ৰাণ কৰি এই অভিলেখ গঢ়িলে পৰাগে।
'ৰাজস্থান ৰয়েলছ'ৰ খেলুৱৈজনে ১৭ বছৰ ১৭৫ দিনত অৰ্ধশতক অৰ্জন কৰি এই অভিলেখ গঢ়ে।পূৰ্বৰ অভিলেখ আছিল সঞ্জু ছেমছন আৰু পৃথ্বী শ্ব'ৰ নামত।দুয়ো ১৮ বছৰ ১৬৯ দিনত এই অভিলেখ গঢ়িছিল।
- Log in to post comments
- 17 views