![vui](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-04%20at%2010.10.37%20PM.jpeg?itok=DsIC5JCb)
কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাৰ প্রতিবেদন :
বিধ্বস্ত বাট-পথৰ প্ৰতিবাদ কল্পে কামপুৰৰ বিৰিঙা আটি ১ নং ফাকলিত আজি পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷পথটোৰ উন্নয়নৰ ধন একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু দালালে আত্মসাত কৰাৰ অভিযোগ তুলি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ। এজাক বৰষুণতে বিধ্বস্ত হৈ পৰা এই পথছোৱা বাৰিষা আৰু অবৰ্ণনীয় হৈ পৰে ৷
বিধ্বস্ত পথছোৱাৰে ছাত্ৰ ছাত্ৰী বিদ্যালয় মহাবিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ঠেলা অথবা ডাংকোলা কৰিয়েই অঞ্চলটোৰ ৰোগীসকলকো নিবলগীয়া হয় চিকিৎসালয়লৈ । ইমানৰ পিছতো কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি পথচোৱাৰ একাংশত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ পুৰুষ মহিলা সকলে ৷
প্ৰতিবাদস্থলীৰ পৰাই পৰিবৰ্তনগামী চৰকাৰলৈ হাতযোৰ কৰি ৰাইজে চাৰকাৰলৈ অনুৰোধ জনাই যাতে অতিশীঘ্ৰে বিধ্বস্ত পথছোৱা পুনৰ নিৰ্মানৰ কৰি যাতায়তৰ বাবে উপযুক্ত কৰি দিয়ে।
উল্লেখ্য যে কঠিয়াতলী উন্নয়ণ খণ্ডৰ গেৰজাইপাম গাঁও পঞ্চায়তৰ পৰা পথটো উন্নয়নৰ বাবে প্ৰায় ১৭ লাখ টকা অনুমোদন দিছিল যদিও একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু দালালে মাত্ৰ কেই ট্ৰেক্টৰ মান মাটি পেলাইয়েই সমগ্ৰ ধন আত্মসাত কৰাৰ অভিযোগো কৰে প্ৰতিবাদী ৰাইজে।
- Log in to post comments
- 9 views