![baharghat](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-03%20at%2011.26.31%20PM.jpeg?itok=El60A3gF)
বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত বৰশিমলুৱাত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই সন্দেহজনক দুটা চোৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত আটক হোৱা সন্দেহযুক্ত চোৰ দুটা ক্ৰমে বৰকুৰকুৰীয়াৰ তচনুৰ আলী(৩০) আৰু নিতেনীৰ ৰেজেক আলী(৩২) বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি, কমাৰকুছি আৰক্ষী চকীৰ টহলদাৰী বাহিনীয়ে যোৱা নিশা পহৰা চলাই থকা অৱস্থাত প্ৰায় ১২ বজাত আৰক্ষীৰ গাড়ীৰে মুখামুখি হয় চোৰৰ গাড়ীখন।
গাড়ীখনত চাৰিজন লোক আছিল যদিও অন্ধকাৰৰ সুযোগ লৈ দুজনে পলায়ন কৰে।আনহাতে, আৰক্ষীয়ে কৌশলেৰে দুটাক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ৰঙিয়াৰ পৰা আহি থকা এ এছ ০১ এব ৬৫৯৫ নম্বৰৰ এল্টো কাৰসহ কমাৰকুছি আৰক্ষীয়ে দুটাক আটক কৰাৰ লগতে গাড়ীখনৰ পৰা ৰছী, চুৰি আৰু বিভিন্ন সামগ্ৰী জব্দ কৰে।
আনহাতে, গাড়ীখনৰ চালকসহ আৰু এটা সন্দেহজনক চোৰ পলাতক অৱস্থাত আছে।
- Log in to post comments
- 34 views