কামপুৰৰ বন্যহস্তীৰ আক্ৰমণত নিহত ব্যক্তিৰ পৰিয়ালক অনুদান দিয়াত চৰকাৰৰ প্ৰতাৰণা

kampur

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা


এগৰাকী নিঃসহায় মহিলা,২০১১ চনত বন্যহস্তীয়ে প্ৰাণ লৈছিল তেওঁৰ স্বামী চেনিৰাম বৰদলৈক ।ইয়াৰ পিছতে বন বিভাগৰ লোকে উৰ্মিলা বৰদলৈ নামৰ মহিলাগৰাকীৰ পৰা সকলো তথ্য সংগ্ৰহ কৰি বিভাগৰ পৰা আৰ্থিক  সহায় কৰাৰ আশ্বাস দিয়ে ।চৰকাৰী অনুদানৰ বাবে ২০১১ চনৰ পৰা ২০১৮ চনলৈ বিভাগীয় কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰিছিল ।kampur


অৱশেষত, বিগত ২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সেই সময়ৰ  নগাঁও জিলাৰ বন সংমণ্ডল বিষয়া সুভাশীষ দাসৰ স্বাক্ষৰিত এখন পত্ৰই তেওঁক কিছু সকাহ দিয়ে । মহিলাগৰাকীক এক লাখ টকাৰ অনুদানেৰে বন বিভাগে ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰে আৰু কিছুদিনৰ পিছত চল্লিশ হাজাৰ টকাহে কামপুৰস্থ চেণ্টেল বেংকত উৰ্মিলা বৰদলৈৰ নামত  থকা  একাউণ্টত সোমায়।ইয়াৰ পিছতে বাকী থকা ৬০ হাজাৰ টকা পৰৱৰ্তী পৰ্যায়ত দিব বুলি বন বিভাগৰ তৰফৰ পৰা এখন পত্ৰ মহিলাগৰাকীলৈ প্ৰেৰণ কৰে।


কিন্তু এটা বছৰ বৰ্তমান  অতিক্ৰম কৰাৰ পিছতো বাকী থকা টকা নাপালে উৰ্মিলা বৰদলৈয়ে ।ইয়াৰ মাজতে নগাঁও জিলাৰ উপায়ুক্তকো লিখিত অভিযোগ দিছে ভুক্তভোগী বিধৱা মহিলাগৰাকীয়ে ।ইয়াতো সুফল নোপোৱাত হতাশাত ভুগিছে মহিলাগৰাকী।

Your Comments