![bgn](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-02%20at%2010.19.25%20PM.jpeg?itok=eQFIJGb3)
বঙাইগাঁওঃ ২ মেঃ
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৩ সংখ্যক মৃত্যু দিৱস বুধবাৰে বঙাগাঁও শাখা সাহিত্য সভাইও উদযাপন কৰে ৷ শাখা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণ উদযাপন কৰা মৃত্যু দিৱস উপলক্ষে যুগনায়কগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঘ্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু শাখা সাহিত্য সভাৰ সভা সভাপতি নলিনী মজুমদাৰে ৷
ইয়াৰ পিচতে শাখা সাহিত্য সভাৰ সভাপতি নলিনী মজুমদাৰৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ শাখা সাহিত্য সভাৰ সম্পাদক মীনা দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই হেমচন্দ্ৰ বৰুৱাৰ জীৱন বৃত্তান্তৰ লগতে কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷ ইয়াৰ উপৰিও তেওঁ শব্দৰ গাঁথনি ,বিশেষণ আৰু চন্দ্ৰ বিন্দুৰ ব্যৱহাৰ আদিৰ ওপৰতো উদাহৰণেৰে সৈতে বক্তব্য আগবঢ়ায় ৷
আন এগৰাকী বক্তা তথা শাখাৰ সহকাৰী সম্পাদক জ্যোৎস্না দেৱীয়ে নিজৰ অভিমতত ' হেমকোষ অভিধান'ৰ মহত্ত আৰু গুৰুত্ব তথা ভাষাটো কিমান উপযোগী তাক ব্যক্ত কৰে ৷ আনহাতে সমজুৱাৰ ফালৰ পৰা প্ৰাক্তন সম্পাদক ৰমেন দাসে হেমচন্দ্ৰ বৰুৱা এজন শ্ৰেষ্ট ভাৰতীয় বুলি উল্লেখ কৰি কয় যে তেওঁ কেৱল ভাষাবিদেই নাছিল, বিধবা বিবাহৰ সমৰ্থক, চেতাৰ বাদক, চিকিৎসক আদি বিভিন্ন গুণেৰে বিভূষিত আছিল ৷ সেইদৰে দীপক দত্তই সংস্কাৰধৰ্মী বৰুৱাৰ জীৱনপঞ্জী বিস্তাৰিতভাৱে উল্লেখ কৰে ৷ বিচিত্ৰ শৰ্মাই চিকিৎসক বৰুৱাৰ কথা উনুকিয়ায় ৷
ইপিনে এই স্মৃতিচাৰণ সভাতেই গীতা দেৱীৰ কবিতা পুথি ' পানীৰ ৰং নীলা হোৱা হ'লে' উন্মোচন কৰে কাব্যেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানত গীতা দেৱী আৰু নগেন হাজৰিকাই স্বৰচিত কবিতা পাঠ কৰে ৷ গীত পৰিৱেশন কৰে ডাঃ ৰঞ্জিত দাস, ৰোহিনী চৌধুৰী,ভক্তিমণি শৰ্মা আৰু অনিল শৰ্মাই ৷ উল্লেখ্য যে সভাই বিশিষ্ট চিকিৎসক তথা সমাজসেবক কেশৱ নাৰায়ণ দেৱ শৰ্মা আৰু ব্যৱসায়ী ৰমেশ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় ঈশ্বৰৰ ওচৰত মৌন প্ৰাৰ্থনা জনাই বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে ৷
ইপিনে বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু উত্তৰ বঙাইগাঁও শাখা সাহিত্য সভাৰ সহযোগত উত্তৰ বঙাইগাঁওস্থিত অসম কৃষ্টি বিকাশ সংঘৰ প্ৰেক্ষাগৃহতো দিনজোৰা কাৰ্যসূচীৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন কৰা হয় ৷
- Log in to post comments
- 17 views