কঠীয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কেনেদৰে মৰণফাণ্ড?

me

পথ নহয় যেন মৰণফাণ্ডহে ।নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মৃত্যুৰ কিৰিলি ।পথটোত প্ৰকাণ্ড প্ৰকাণ্ড ফাট মেলাৰ পিছতো গুৰুত্ব নাই পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনৰ।লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ।

নগাঁও জিলাৰ কঠিয়াতলীৰ মাজেৰে পাৰ হৈ যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত এতিয়া বৃহৎ বৃহৎ ফাট । নিৰ্মাণৰ কিছুদিন পিছতেই পথচোৱাৰ বিভিন্ন স্থানত ফাট মেলাৰ ফলত সঘনে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।দুৰ্ঘটনাৰ ফলত কৰুণ মৃত্যুক সাৱটি ল'ব লগা হৈছে বহু পথচাৰীয়ে।

me9
স্থানীয় ৰাইজে পথচোৱাৰ ভঙা অংশবোৰ মেৰামতি কৰিবলৈ বিভিন্ন সময়ত চৰকাৰ অাৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই অাহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে 

 শীঘ্ৰে পথচোৱাৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ অাৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক স্থানীয় ৰাইজে দাবী জনাইছে।

Your Comments