পূব বৰভাগত মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন

bihu

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

 

পূব বৰভাগ আঞ্চলিক বসন্ত উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু মিলনজ্যোতি ক্ৰীড়া সংঘৰ সৌজন্যত উত্তৰপাৰ বৰশিমলুৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অহা ৪ মে'ত দিনজোৰা কাৰ্য্যসূচীৰে সপ্তম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷


তদুপলক্ষে সেইদিনা পুৱা ৮ বজাত বিহু পতাকা উত্তোলন,৮-৩০ বজাত গণশিল্পীৰ প্ৰতিচ্ছবিত মাল্যদান,৯ বজাত বৃক্ষৰোপণ,১১ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা,আবেলি ৩-৩০ বজাত বৰশিমলুৱা সাহিত্য সমাজৰ উদ্যোগত কবি সন্মিলন আৰু আমন্ত্ৰিত অতিথি সম্বৰ্ধনা আদি কাৰ্যসূচী আয়োজিত হ'ব।বৰশিমলুৱা সাহিত্য সমাজৰ সভাপতি ড: ৰাতুল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাৰ কবি সন্মিলনখন উদ্বোধন কৰিব কবি- সাংবাদিক নৰেন শৰ্মাই।অনুষ্ঠানত আমন্ত্ৰিত বহুকেইজন ন-পুৰণি কবিয়ে অংশগ্ৰহন কৰিব৷

 

বিয়লি ৫ বজাত বয়োজ্যেষ্ঠজনৰ পৰা আশীষ গ্ৰহণ,সন্ধিয়া ৬-১৫ বজাত শিল্পী সম্বৰ্ধনা অনুষ্ঠিত হ'ব। সম্বৰ্ধিত শিল্পী নাগাৰা নামৰ পাঠক কৈলাস চন্দ্ৰ তালুকদাৰ আৰু ঢুলীয়া শিল্পী পৱন নমঃশূদ্ৰ।অনুষ্ঠানত মুখ্য অতিথি হিচাপে এমট্ৰনৰ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ আৰু বিশিষ্ট অতিথি হিচাপে সাংস্কৃতিক মহাসভা,অসমৰ নলবাৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দধিৰাম ডেকাই অংশগ্ৰহণ কৰিব৷

 

গধূলি ৭ বজাত অসমীয়া গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা,নিশা ৮ বজাত মুকলি বিহুৰ ক্ষেত্ৰ উন্মোচন৷ বিহু পৰিচালনাৰ বাবে গৌতম দাসক সভাপতি আৰু পুলক কলিতাক সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰা হৈছে।

Your Comments