গহপুৰত সোমবাৰে মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনত ২০টা কৃষক গোটৰ মাজত ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণ কৰা হয় । এই উপলক্ষে আযোজিত এক সভাত টেক্টৰসমূহ বিতৰণ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই ৷ অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতা, গহপুৰৰ মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাস আৰু জিলা কৃষি বিষয়া প্ৰদীপ সোণোৱাল ৷ উল্লেখ্য যে অঞ্চলটোত পৰ্যায়ক্ৰমে মুঠ ৩১৩খন ট্ৰেক্টৰ বিতৰণ কৰা হ'ব ।
- Log in to post comments
- 7 views