নিউজ ডেস্ক:
মহাৰাষ্ট্ৰৰ লাটুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেনাৰ উল্লেখেৰে ভাষণ দিওঁতে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা নাই বুলি ক্লিনশ্বিট দিলে নিৰ্বাচন আয়োগে।
প্ৰথমবাৰৰ ভোটদাতাসকলৰ ভোট বালাকোটত আক্ৰমণ চলোৱা আৰু পুলৱামাত আত্মবলিদান দিয়া বীৰ জোৱানসকলৰ বাবে সমৰ্পিত হ'ব পাৰে নেকি বুলি প্ৰধান মন্ত্ৰী মোডীয়ে ভাষণত মন্তব্য কৰিছিল।
মহেন্দ্ৰ সিং নামৰ এজন ব্যক্তিয়ে মোডীৰ ভাষণ সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দিছিল।
- Log in to post comments
- 16 views