নিউজ ডেস্ক:
সীমান্ত সুৰক্ষা বাহিনীত জোৱানসকলে প্ৰয়োজনীয় সা-সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন কৰি চৰ্চিত হোৱা বিএছএফৰ প্ৰাক্তন জোৱান তেজ বাহাদুৰ যাদৱে বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিৰ্বাচন খেলিব নোৱাৰিব।
দাখিল কৰা নথিপত্ৰৰ খেলিমেলিৰ বাবে তেওঁৰ প্ৰাৰ্থিত্ব বাতিল কৰে নিৰ্বাচন আয়োগে।
নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা যাদৱক সমাজবাদী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল।
- Log in to post comments
- 82 views