অভিনেত্ৰী  মৃদুলা বৰুৱাক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান

mridula

সোণাৰিৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :

টাই আহোম যুৱ পৰিষদ , অসম (টাইপা)ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত কালি সোণাৰিত আয়োজন কৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত অভিনেত্ৰী মৃদুলা বৰুৱাক প্ৰদান কৰা হয় সপ্তম বাৰ্ষিক বীৰাংগনা মূলাগাভৰু বঁটা।mula

বিগত ২০১৩ বৰ্ষৰপৰা টাইপাৰ দ্বাৰা অনুষ্ঠিত কৰি অহাএই অনুষ্ঠানত অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত স্ব-গুণেৰে অৱদান আগবঢ়োৱা ক্ৰমে চিত্ৰলতা ফুকন,বীৰুৱালা ৰাভা,নিৰুপমা বৰগোহাঞি, অণিমা গুহ,সুখ বৰুৱা আদি মহীয়সী নাৰীক এই বঁটাৰে সন্মানীত কৰি অহা হৈছিল।taipa

উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰবীনচন্দ্ৰ কোঁৱৰৰ পৌৰহিত্যত কালি অনুষ্ঠিত সভাত সপ্তম বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান প্ৰদান কৰা হয় অসমৰ স্বনামধন্য শিল্পী তথা বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাক।mula2

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অভিনেত্ৰী মৃদুলা বৰুৱাক বঁটাৰ লগতে এখন হেংদাং,এটা স্মাৰক, এযোৰ যুদ্ধৰ সাজ,এখন চেলেং,নগদ ৩৫০০০'০০ হাজাৰ টকাৰে সন্মানিত কৰা হয়। একেটা অনুষ্ঠানতে অসমৰ কৃষি ক্ষেত্ৰত কঠোৰ শ্ৰমেৰে জীৱন-জীৱিকাৰ সংগ্ৰাম অব্যাহত ৰখা চাৰি গৰাকী বিশেষ নাৰী বৰ্ণালী শৰ্মা,গোলাপী চাংমাই, নৱনীতা দাস আৰু দিপিকা ৰাভাকো বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হয়।

Your Comments