নাং কৃষ্টিপ্রিয়া গগৈ
ইভিএম স্থানান্তৰ কৰাক লৈ তেজপুৰৰ সাংসদ আৰপি শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।তেওঁ প্ৰশ্ন কৰিছে-ইভিএমসমূহ জালুকবাৰীৰ ব্যক্তিগত গুদামত কিয় ৰখা হ'ল ?কিয় চৰকাৰী গুদামত ৰখা হোৱা নাই ইভিএমসমূহ? ইভিএমসমূহ তেজপুৰৰ পৰা গুৱাহাটীলৈ ৰাতি কিয় স্থানান্তৰ কৰা হ'ল ?
দেওবাৰে আমিনগাঁৱলৈ ইভিএম স্থানান্তৰ কৰাক লৈ মঙলবাৰে এইদৰে প্ৰশ্ন উত্থাপন কৰে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই। তেওঁ কয় যে ইভিএম স্থানান্তৰকৰণৰ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ইভিএমসমূহ লৈ যাবৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ অনুমতি ল'ব লাগে। সেই ইভিএমসমূহ স্থানান্তৰ কৰি ক'ত ৰখা হ'ব,সেই সন্দৰ্ভত নিৰ্বাচন আয়োগেহে সিদ্ধান্ত গ্ৰহণ কৰিব।
কিন্তু তেজপুৰৰ দৰে অতি স্পৰ্শকাতৰ ঠাইৰ ইভিএমসমূহ গুৱাহাটীলৈ কিয় ৰাতি স্থানান্তৰ কৰিব লগা হ'ল । য'ত তেজপুৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ মাত্ৰ তিনি ঘণ্টাৰ সময় লাগে। সেই তিনি ঘন্টা সময় তেওঁলোকে দিনতে কিয় নাহিল বুলিও সাংসদগৰাকীয়ে প্ৰশ্ন কৰে।
যি সময়ত তেজপুৰত সাংসদ আৰ পি শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত নিৰ্বাচনক লৈ যুঁজ চলি আছে, সেই সময়তে তেজপুৰৰ নিৰ্বাচনৰ ইভিএমসমূহ জালুকবাৰীলৈ স্থানান্তৰ কৰাটো অতি সন্দেহজনক আৰু স্পৰ্শকাতৰ বিষয় হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে।
আনহাতে,জালুকবাৰী সমষ্টিৰ ব্যক্তিগত গুদামত ইভিএমসমূহ ৰখাটো অতি চিন্তনীয় বিষয় বুলিও আৰ পি শর্মাই মন্তব্য কৰে।ব্যক্তিগত গুদামত এই ইভিএমসমূহ ৰখাৰ বাবে তেজপুৰৰ নিৰ্বাচনী বিষয়া,গুৱাহাটীৰ নিৰ্বাচনী বিষয়া, মুখ্য নিৰ্বাচনী বিষয়া দায়ী হ'ব বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে।
জালুকবাৰীলৈ কিয় ইভিএমসমূহ স্থানান্তৰ কৰা হ'ল,সেই ইভিএমসমূহ কিয় ৰাতি স্থানান্তৰ কৰা হ'ল , ব্যক্তিগত গুদামত কিয় ৰাখিব লগা হ'ল-ইয়াৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগৰ অনুমতি আছে নে নাই,এই সকলো কথা সংবাদমেলৰ আয়োজন কৰি ৰাইজক স্পষ্টভাৱে জনাবলৈ শৰ্মাই আহ্বান জনায়।
যদিহে এই ইভিএম স্থানান্তৰ কৰাৰ কোনো যুক্তিযুক্ততা সকলোৰে আগত দাঙি ধৰিব নোৱাৰে,তেতিয়া হ'লে উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগিব আৰু দোষীক শাস্তি দিব লাগিব বুলি আৰ পি শর্মাই মন্তব্য কৰে।যদি সঁচাকৈয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ অনুমতি নোলোৱাকৈ ইভিএমসমূহ স্থানান্তৰ কৰা হৈছে বুলি প্ৰমাণিত হয়,তেনেহ'লে তেজপুৰ সংসদীয় সমষ্টিত পুনৰ নিৰ্বাচন হ'ব লাগিব বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে।
- Log in to post comments
- 22 views