নিউজ ডেস্ক :
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱাৰ পিছতো ভোটদান কৰিবলৈ নোৱাৰিব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে।
ভোটাৰ তালিকাত নাম নথকা কোহলিয়ে অনলাইন আবেদনেৰে ভোট দিয়াৰ ব্যৱস্থা কৰি দিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল।কিন্তু অনলাইন আবেদনৰ অন্তিম তাৰিখ ৩০ মাৰ্চ পাৰ হৈ যোৱাৰ পিছত ৭ এপ্ৰিলতহে অনলাইন আবেদন কৰিছিল কোহলিয়ে।যাৰ বাবে তেওঁ বঞ্চিত হ'ল ভোটদানৰ পৰা।
দেশৰ জনতাক ভোটদানৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যেৰে বিৰাট কোহলিক ভোট দিয়াৰ বিশেষ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোডীয়ে।
- Log in to post comments
- 38 views