![hajo](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-25%20at%208.25.23%20PM.jpeg?itok=qoI1Mgfz)
হাজোৰ পৰা কমলাকান্ত দাস।
হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুব মহোৎসৱ আৰম্ভ হৈছে। বিশ্ববিদ্যালয়ৰ অধীনস্থ মৰিগাঁও কলেজ, সোনাপুৰ কলেজ ,নগাঁও কলেজ , পুব কামৰূপ কলেজ , ডিমৰীয়া কলেজ , এচ বি দেওৰা কলেজ আদিকে ধৰি পছিশ খন মহাবিদ্যালয়ে উক্ত মহোৎসৱ খনত অ্ংশ লোৱা বুলি জানিব পৰা গৈছে। বনগীত, বৰগীত ,ৰবীন্দ্ৰ সংগীত, বিহুগীত, নাট আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাত ছাত্র ছাত্ৰী সকলে ব্যাপক হাৰত অ্ংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়।
যুব মহোৎসৱ খনি মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই। মহোৎসৱত ৰাধা চৰণ ৰাভা, ডঃ প্ৰৱীন চন্দ্ৰ দাস , ৰঞ্জন কুমাৰ কাকতি আৰু সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃহিৰণ্য কুমাৰ শৰ্মাই বিশিষ্ট অতিথি হিচাপে অ্ংশ গ্ৰহণ কৰে।
- Log in to post comments
- 11 views